স্বাস্থ্য প্ৰতিবেদন:
খাদ্য সুস্বাদু কৰাৰ লগতে অতি স্বাস্থ্যকৰ হৈছে নেমু। নেমুৰ গোন্ধই যেনেদৰে কোনো খাদ্যৰ পৃথক সোৱাদ আনি দিয়ে, তেনেদৰে নেমুত আছে বহু স্বাস্থ্য উপকাৰিতা।
নেমুত ভিটামিন চি থকাৰ বাবে ইমিউনিটি বঢ়াবলৈ সক্ষম। পিছে কেৱল নেমুৱেই নহয়, নেমুৰ পাতো গুণেৰে সমৃদ্ধ। খুব কম লোকেহে জানে নেমুৰ পাতৰ স্বাস্থ্য উপকাৰিতা।
বমিৰ প্রবণতা থাকিলে সেই সমস্যাৰ পৰা মুক্তি পাবলৈ ওচৰত ৰাখিব পাৰে নেমুৰ পাত৷ যাক শুঙিলেই নোহোৱা হৈ যাব বমিভাব।
নেমুৰ পাতৰ ৰস খালেও শৰীৰৰ বৰ্ধিত ওজন বহুখিনি নিয়ন্ত্রণত ৰাখিব পৰা যায়।
দাঁতৰ ক’লা ৰং দূৰ কৰিবলৈ নেমুৰ পাতৰ সৈতে বেকিং চডা মিহলাই দাঁত মাজিব পাৰে।
দিনৰ ভাগত কামৰ কাৰণে মূৰৰ বিষৰ সমস্যা বহুতৰেই দেখা যায়৷ তেনে ক্ষেত্ৰত শুকান নেমুৰ পাতৰ ৰস খালে কম সময়ৰ ভিতৰতেই মূৰৰ বিষৰ সমস্যাৰ পৰা মুক্তি পাব পাৰে।













