![]()
নিউজ ডেস্কঃ
ফুটবল মেচ চলি থাকোতে হঠাৎ ঘটিল অঘটন৷ খেলপথাৰত নামিল পেৰাচুট৷ জার্মানী-ফ্রান্সৰ মেচৰ মাজতে পেৰাচুটেৰে নামিল দুই আন্দোলনকাৰী৷ খেলৰ আৰম্ভণিৰ ঠিক পূৰ্বে সংঘটিত এই ঘটনাত সৃষ্টি হয় তীব্ৰ উত্তেজনা৷ আহত হ’ল দর্শক৷ ঘটনাটি আচলতে এনে ধৰণৰ৷
জার্মানীৰ লগতে সমগ্ৰ বিশ্বতেই পৰিচিত এটি গাড়ী নিৰ্মাণকাৰী কোম্পানীৰ বিৰুদ্ধে বহু বছৰ ধৰি প্রতিবাদ জনাই আহিছে ‘গ্রিনপিচ’ নামৰ সংস্থাটোৱে। আৰু সেই প্রতিবাদৰে জৰিমনা ভৰিবলগা হ’ল জার্মানী বনাম ফ্রান্সৰ মেচ উপভোগ কৰিবলৈ অহা কেইবাজনো সাধাৰণ ফুটবলপ্রেমীয়ে।
ঘটনাটো মঙলবাৰৰ খেল আৰম্ভ হোৱাৰ কিছু সময় পূৰ্বে ‘গ্রিনপিচ’ৰ দুই আন্দোলনকাৰী পেৰাচুটত উঠি আহি নামিল খেলপথাৰত৷ তেওঁলোকৰ পেৰাচুটত লিখা আছিল ‘কিক আউট অইল’। তাৰ ফলতে আহত হয় কেইবাগৰাকীও ফুটবলপ্রেমী ৷ তেওঁলোকক হস্পিটেললৈ লৈ যোৱাৰ পিছত আন্দোলনকাৰী দুজনকো আঁতৰাই লৈ যোৱা হয়।
মিউনিখৰ এলিয়াঞ্জ এৰিনাত তেতিয়া দুয়োটা দলেই খেলপথাৰত নামি ৱাৰ্মআপ কৰিবলৈ আৰম্ভ কৰিছে। ৰেফাৰীৰ হুচেইল বাজিলেই আৰম্ভ হ’ব কিক অফ। ঠিক সেই সময়তে এই বিপত্তি ঘটে। আন্দোলনকাৰী দুজনে তেওঁলোকৰ পেৰাচুটেৰে খেলপথাৰত নামে। তেওঁলোকৰ প্রতিবাদত গুৰুতৰভাৱে আহত হয় দুজন দৰ্শক। ভাঙি যায় কেইবাটাও কেমেৰা। মেচ সম্প্রচাৰণকাৰী চেনেলৰ কেইবাজনো কর্মীও আহত হয়।
ঘটনাৰ পিছতে মিউনিখ আৰক্ষীয়ে দুয়ো প্ৰতিবাদকাৰীক গ্রেপ্তাৰ কৰে আৰু ইয়াৰ আঁৰৰ মূল পৰিকল্পনাকাৰীৰ সন্ধান চলাইছে। আনহাতে, এই ঘটনাৰ তীব্র প্রতিবাদ জনাইছে উয়েফাই।
উল্লেখ্য, চলিত ইউৰো কাপৰ মূল বিজ্ঞাপনদাতা হিচাবে আছে উক্ত গাড়ী নিৰ্মাণকাৰী কোম্পানীটো। সেইটোকে মানি ল’ব পৰা নাই গ্রিনপিচে। সেয়ে এই কাণ্ড ঘটোৱা বুলি অনুমান কৰিছে ইউৰো কাপ আয়োজনকাৰী সংস্থাটোৱে।
ইফালে ইউৰো আৰু মিউনিখ আৰক্ষীয়ে এই ঘটনাক কঠোৰ হাতেৰে দমন কৰাৰ চেষ্টা কৰিলেও গ্রিনপিচেও নিজৰ পক্ষত বক্তব্য ৰাখিছে। সংস্থাটোৱে কৈছে, ‘ফুটবলৰ সৈতে আমাৰ কোনো বিৰোধিতা নাই। আমাৰ বিৰোধিতা এটি বিশেষ গাড়ী নিৰ্মাণকাৰী কোম্পানীক লৈ। তেওঁলোকৰ বাবে অতি মাত্ৰাত তেল খৰচ হৈছে। আমি সকলো সময়তে শান্তিপূর্ণ আৰু অহিংসভাবে আন্দোলন চলাই আহিছো। এইবাৰো তেনে পৰিকল্পনাই আছিল। কিন্তু শেষটো ভাল নহ’ল। যিসকল আহত হৈছে তেওঁলোকৰ বাবে দুখ প্রকাশ কৰিছো।’













