স্বাস্থ্য প্ৰতিবেদন:
কলডিল ফাইবাৰ, প্রোটিন, পটাচিয়াম, কেলচিয়াম, তাম, ফছফৰাছ, আয়ৰন, মেগনেচিয়াম আৰু ভিটামিন ই সমৃদ্ধ, যাৰ কাৰণে ই আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কলডিলে বিভিন্ন ৰোগ নিৰাময় কৰিব পাৰে। সেয়ে, স্বাস্থ্যৱান হ’বলৈ বিচাৰিলে অৱশ্যেই ডায়েটত কলডিল অন্তর্ভুক্ত কৰক।
১- এটি গৱেষণা অনুসৰি, কলডিলে শৰীৰত ইনছুলিনৰ পৰিমাণ বৃদ্ধি কৰে, যাৰ কাৰণে ই চুগাৰৰ ৰোগীসকলৰ বাবে অতি উপকাৰী।
২- মেগনেচিয়াম সমৃদ্ধ কলডিলে আপোনাৰ মেজাজ পৰিবর্তন কৰি চাপৰ স্তৰ হ্রাস কৰে।
৩- কলডিলত এন্টিঅক্সিডেন্টৰ পৰিমাণ বেছি হোৱাৰ কাৰণে ই আমাৰ শৰীৰত এই ফ্রি ৰেডিকেলবোৰ বৃদ্ধিত বাধা দিয়ে, যিয়ে আমাৰ স্বাস্থ্যকৰ কোষবোৰত আক্রমণ কৰে আৰু ক্ষতি কৰে, যাৰ কাৰণে হৃদৰোগ, কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা হ্রাস পায়।
৪- পেটত এচিডিটিৰ সমস্যা থাকিলে কলডিল খাওক। ইয়াৰ ফলত এচিডিটিৰ সমস্যাৰ পৰা শীঘ্ৰে মুক্তি পাব। লগতে পেট ফুলি গ’লেও কলডিল খোৱাটো উপকাৰী।
৫- কলডিলত প্রচুৰ আয়ৰন থাকে যিয়ে ৰক্তত হিমোগ্লোবিন বৃদ্ধিৰ কাম কৰে।













