স্বাস্থ্য প্ৰতিবেদন:
চুলি অকালতে পকে ভিটামিন বি-১২ৰ অভাৱত। বয়সত চুলি পকাটো স্বাভাৱিক, কিন্তু বর্তমান নির্দিষ্ট বয়সৰ আগতেই পকা চুলিৰ সমস্যা বাঢ়িছে মানুহৰ মাজত৷ যাৰ অন্যতম কাৰণ আমাৰ জীৱন-যাপন।
নিম্নলিখিত কিছু কাৰণত চুলি অকালতে পকে
১. চাপ
২. টোপনি কম হোৱা
৩. পুষ্টিৰ অভাৱ
৪. ব্যায়ামৰ অভাৱ
৫. ধূমপান
৬. নিয়মিত মদ্যপান
চুলিৰ স্বাস্থ্যত মিঠাতেলৰ কি ভূমিকা?
অকালতে চুলি পকা ৰুধিবলৈ সকলোতকৈ কার্যকৰী প্রতিকাৰ হ’ল সৰিয়হৰ তেল! এই তেল প্ৰায় প্রতিটো ভাৰতীয় পৰিয়ালৰ পাকঘৰতেই থাৰকে।
১. সৰিয়হৰ তেল আমাৰ স্থানীয় দেশীয় উপাদান। কাঠৰ ঘানিৰ সৰিয়হৰ তেলৰ অনুসন্ধান কৰক। ৰুক্ষ আৰু শুকান চুলিৰ বাবে এইটো অতি ভাল প্রতিকাৰ।
২. সৰিয়হৰ তেল উপকাৰী এণ্টিঅক্সিডেণ্ট সমৃদ্ধ। ইয়াত ছেলেনিয়াম আছে যিয়ে চুলিৰ গুৰি আৰু চুলিৰ স্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্রত এক ডাঙৰ ভূমিকা পালন কৰে।
৩. সৰিয়হৰ তেল প্রাকৃতিক ফেটি এচিড সমৃদ্ধ, যিটো চুলিৰ ফলিকল আৰু চুলিৰ গুৰিৰ বাবে অপৰিহার্য।
৪. সৰিয়হৰ তেল এণ্টি ফাঙ্গাল আৰু এণ্টি বেক্টেৰিয়েল যিয়ে অকালতে চুলি পকাটো ৰোধ কৰে আৰু আপোনাৰ চুলিৰ গুৰিৰ স্বাস্থ্য বজায় ৰাখে। সৰিয়হৰ তেল চুলিৰ গুৰৰ স্বাস্থ্য আৰু চুলিৰ বৃদ্ধিৰ বাবে উপকাৰী৷
কেনেদৰে চুলিত সৰিয়হৰ তেল ব্যৱহাৰ কৰিব?
১. ৩ টেবুল চামুচ (৫০০ মিলিগ্রাম) সৰিয়হৰ তেলত ভাল মানদণ্ডৰ ঠাণ্ডা নাৰিকল তেল (২০০ মিলি), ১ চাহ চামুচ ভাজা মেথিগুটি আৰু ১ চাহ চামুচ গুড়ি মহানিমৰ পাত সংযোগ কৰক। এই মিশ্রণ প্রায় এক সপ্তাহৰ বাবে ৰাখি তাৰ পিছত চুলি আৰু চুলিৰ গুৰিত এই তেল মেছেজ কৰক।
২. এক মিনিট সৰিয়হৰ তেল গৰম কৰি লাহে লাহে আপোনাৰ চুলিৰ গুৰি আৰু চুলিত মেছেজ কৰিব পাৰে।
৩. এই তেলেৰে এদিন বাদে এদিন প্রায় ১০ দিন মেছেজ কৰিলে বহু পার্থক্য পাব। আপুনি আপোনাৰ পছন্দ অনুযায়ী সপ্তাহত দুবাৰ বা তিনিবাৰ এই তেলেৰে চুলি মেছেজ কৰিব পাৰে।
৪. মূৰ ধোৱাৰ আগতে এক ঘণ্টা বা দুই ঘণ্টা মিঠাতেল মূৰত সানি ৰখাৰ চেষ্টা কৰক। গোটেই ৰাতিও মূৰত তেল লগাই ৰাখিব পাৰে।
অকালতে চুলি পকা প্রতিৰোধৰ অন্যান্য প্রতিকাৰ
মেগনেছিয়াম, কেলছিয়াম আৰু লোই অকলেই চুলি পকা প্রতিৰোধত বিৰাট ভূমিকা পালন কৰে। বাদাম, কণী, গাখীৰ আৰু সেউজীয়া পাতযুক্ত পাচলি এই পুষ্টি সমৃদ্ধ খাদ্যৰ উদাহৰণ। দুগ্ধজাত পণ্য চুলিৰ স্বাস্থ্যৰ বাবে অত্যন্ত ফলদায়ক।