![]()
নিউজ ডেস্কঃ
পাকিস্তান ছুপাৰ লীগৰ মেচত মূৰত আঘাত লাগি আংশিক স্মৃতিশক্তি হেৰুৱালে ফাফ ডুপ্লেছিছে। ছচিয়েল মিডিয়াত নিজৰ শাৰীৰিক অৱস্থাৰ কথা লিখি নিজেই জনালে দক্ষিণ আফ্রিকাৰ তাৰকা ক্রিকেটাৰজনে। শনিবাৰে নিশা আবুধাবিত পেছোৱাৰ জালমিৰৰ বিৰুদ্ধে মেচত ফিল্ডিং কৰিবলৈ গৈ মূৰত আঘাত পায় ডুপ্লেছিছে।
সোমবাৰে সমর্থকসকলক বার্তা দি তেওঁ লিখে, ‘সুস্থ হৈ মই হোটেললৈ উভতিছো। মই ভালে আছো। কিন্তু বহু কেইটা ঘটনা মোৰ স্মৃতিত নথকাত কিছু হতাশ লাগিছে। আশা কৰিছো সোনকালে খেলপথাৰলৈ উভতিম। আপোনালোক সকলোকে মোৰ ওচৰত থকাৰ কাৰণে ধন্যবাদ৷’
উল্লেখ্য, মেচখনৰ সপ্তম ওভাৰত চাৰি বচাবলৈ গৈ সতীর্থ মহম্মদ হাছনাইনৰ আঁঠুত মূৰ লাগে তেওঁৰ। গুৰুতৰ আঘাত লৈ তেওঁ খেলপথাৰ ত্যাগ কৰিবলগা হয়। হস্পিটেলত ভৰ্তি হয় তেওঁ। অৱশ্যে ডুপ্লেছিছে প্রথম নহয়, কোৱেটা গ্লেডিয়েটৰ্ছৰ আৰু এজন তাৰকা ক্রিকেটাৰ আণ্ড্ৰে ৰাছেলেও মূৰত আঘাত পাইছিল ইছলামাবাদ ইউনাইটেডৰ বিৰুদ্ধে। মুছা খানৰ বাউন্সাৰত আঘাত লাগি হস্পিটেলত ভর্তি হ’বলগা হয় তেওঁ।













