স্বাস্থ্য প্ৰতিবেদন:
কিডনি আমাৰ শৰীৰৰ এনে এটি অঙ্গ যাৰ দ্বাৰা আমাৰ শৰীৰত বিভিন্ন কাম হয়। যিয়ে আমাৰ শৰীৰক সুস্থ ৰখাত সহায় কৰে। সেয়ে কিডনিৰ প্রতি সচেতন হোৱাটো খুবেই জৰুৰী বিষয়। সেয়ে কিডনি যাতে সুৰক্ষিত থাকে তাৰ বাবে কিছু খাদ্যৰ নাম জানি লওক।
আপেলত থকা বিভিন্ন ধৰণৰ উপকাৰী উপাদান যেনে- ভিটামিন চি, ফাইবাৰ, এন্টি অক্সিডেন্ট ইত্যাদিয়ে কিডনি ভালে ৰখাত সহায় কৰে। আপেলে কিডনি ভালে ৰখাৰ লগতে মস্তিষ্কও ভালে ৰাখে আৰু কোলেষ্টেৰলৰ মাত্রা নিয়ন্ত্রণত ৰখাত সহায় কৰে।
নহৰু :
নহৰুত এনে কিছু উপকাৰী উপাদান আছে যিয়ে কিডনি সুস্থ ৰখাত কার্যকৰী ভূমিকা পালন কৰে। নহৰুৱে কিডনি বিকলৰ সমস্যা যেনে ৰেলাল ৰেপৰফিউজন ইনজুৰি প্রতিৰোধ কৰাতো সহায় কৰে৷
হালধি : হালধি খোৱাটো কিডনিৰ বাবে অতি উপকাৰী। সেয়ে প্রতিদিনে কেঁচা হালধি খাওক। ই কিডনি ভালে ৰখাৰ লগতে ছালৰ বাবেও অতি উপাকাৰী।
গাজৰ :
গাজৰত থকা পেক্টিনে কিডনি বিকলৰ সমস্যা প্রতিৰোধ কৰাত কার্যকৰী ভূমিকা পালন কৰে৷ ইয়াৰ উপৰি গাজৰত থাকে প্রচুৰ পৰিমাণে ভিটামিন চি যিয়ে কিডনিৰ পৰা টক্সিন উলিয়াই বাহিৰ কৰাতো সহায় কৰে আৰু শৰীৰত ৰক্তহীনতা দূৰ কৰা আৰু চকুৰ বাবেও উপকাৰী৷
আদা :
আদা খোৱাটো কিডনিৰ বাবে অতি উপকাৰী। ই কিডনিত ৰক্তৰ চলাচল বৃদ্ধি কৰি কিডনিক সচল আৰু সুস্থ ৰাখে আৰু কিডনিৰ কর্মক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে।