নিউজ ডেস্কঃ
সমগ্ৰ ৰাজ্য লগতে গুৱাহাটীতো হ্ৰাস পাইছে কভিড আক্রান্ত হাৰ।কামৰূপ(ম) জিলা উপায়ুক্তৰে কভিড পয্যালোচনা পিছত এই গুৰুত্বপূৰ্ণ মন্তৱ্য স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।শীঘ্ৰে নিয়ন্ত্ৰণ হব পৰিৱেশ।তিনিটা ‘টি’ লৈ সমগ্ৰ ৰাজ্যত স্বাস্থ্য বিভাগে কভিডৰ বিৰুদ্ধে যুঁজিছে। টেষ্টিং, ট্রেছিং, ট্ৰিটমেণ্ট।
উল্লেখ কামৰূপ(ম) জিলাত ৬ লাখ ৬ হাজাৰ ভেকচিন সম্পূণ হৈছে।জিলাখনত ১০৯০ খন কভিড কেয়াৰ চেণ্টাৰ বেড থকা বুলি তেওঁ জানিব দিয়ে।
কভিডত আক্রান্ত হৈ জিলাখনত মৃত্যুক আঁকোৱালি লৈ ৭৪৮ জন লোকে।একেদৰে আক্রান্ত হৈছিল ৫১,৮৮৩ গৰাকী।বৰ্তমান চিকিৎসা ধীন হৈ আছে ২৮১৫জন- উপায়ুক্ত বিশ্বজিৎ পেগুৱে এই তথ্য অৱগত কৰে মন্ত্ৰী গৰাকীক।
আনহাতে ৰাজ্যত দৈনিক ৩ লাখ কভিড ভেকচিন দিবলৈ স্বাস্থ্য বিভাগ সাজু হৈছে।২হাজাৰ টিম তাৰ বাবে সাজু কৰা কথা প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে কয়।কভাক্সিন দ্বিতীয়পালি ৰাজ্যত ১ লাখ ৯২ হাজাৰ প্ৰদান কৰিব লাগে বুলি লগতে তেওঁ কয়।