নিউজ ডেস্কঃ
কৰোনাৰ নিত্য নতুন প্ৰজাতিয়ে প্রতিনিয়ত ভয় খুৱাই আহিছে। বৰ্তমান কম বয়সীয়াসকলো আক্রান্ত হৈছে। আনহাতে, তৃতীয় ঢৌত শিশুসকল আক্রান্ত হোৱাৰ আশঙ্কাও আছে। আৰু সেয়ে কৰোনা আক্রান্ত শিশুসকলৰ বাবে গাইড লাইন প্রকাশ কৰিলে কেন্দ্রই।
কেন্দ্রৰ গাইড লাইনত কোৱা হৈছে, কোনো কাৰণতেই শিশুসকলৰ ক্ষেত্রত ৰেমডেচিভিৰ ব্যৱহাৰ কৰিব নোৱাৰিব। কাৰণ ৰেমডেচিভিৰ ১৮ বছৰৰ তলৰ শিশু–কিশোৰসকলৰ শৰীৰত কিমান কার্যকৰী বা কিমান বিপদাপূর্ণ সেই সম্পর্কত কোনো স্পষ্ট তথ্য নাই। ষ্টেৰয়েড ব্যৱহাৰৰ ক্ষেত্রতো কঠোৰ নিষেধাজ্ঞা দিছে কেন্দ্রই। বিপদাশংকা থকা শিশুসকলৰ চিকিৎসাৰ ক্ষেত্রতহে একমাত্র হস্পিটেলত ষ্টেৰয়েড ব্যৱহাৰৰ সিদ্ধান্ত ল’ব পাৰে চিকিৎসকসকলে। আনকি কোনো শিশু বা কিশোৰ কৰোনাত আক্রান্ত হ’লে জৰুৰী ভিত্তিত অক্সিজেন থেৰাপি আৰম্ভ কৰিব লাগিব। প্রয়োজনত ব্যৱহাৰ কৰিব পৰা যাব পাৰে কর্টিকোষ্টেৰয়েড থেৰাপি।
আনকি কৰোনাত আক্রান্ত শিশুসকলৰ শৰীৰত অক্সিজেনৰ মাত্রা ঠিক আছেনে নাই তাক জানিবলৈ ৬ মিনিট খোজকঢ়াৰ পিছত পৰীক্ষাৰ পৰামর্শ দিছে কেন্দ্রই। বিবৃতিটোত জনোৱা হৈছে যে শিশুসকলক ৬ মিনিট খোজ কঢ়োৱাৰ পিছত পৰীক্ষা কৰি চাব লাগিব যে তেওঁৰ শৰীৰত অক্সিজেনৰ মাত্রা ৯৪ শতাংশৰ কম আছে নেকি। বা একে কোবে ২–৩ শতাংশ কমি গৈছে নেকি। প্রতি ৬–৮ ঘণ্টা পিছে পিছে এই পৰীক্ষা কৰিব লাগিব। হস্পিটেলতো ভর্তি কৰোৱা প্ৰয়োজন। কিন্তু ৫ বছৰ বা তাৰ কম বয়সীয়া শিশুসকলে মাস্ক পিন্ধাৰ প্রয়োজন নাই বুলিয়ে জনাইছে কেন্দ্রই। ৬–১১ বছৰৰ শিশুসকলৰ ক্ষেত্রত মাস্ক ব্যৱহাৰ কৰিব পাৰে। ১২ বছৰৰ ঊর্ধ্বৰ সকলোৱে মাস্ক পিন্ধিব লাগিব।