ASSAM TIMES POST
পশ্চিম কাৰ্বি আংলংঃ পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ হামৰেণত ন্যায়িক আদালত আৰু কাৰ্যালয়ৰ শনিবাৰে শুভাৰম্ভণি কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰশাসনিক বিষয়া এন কটিশ্বৰ সিঙে ৷
প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখনত আৰম্ভ হোৱা ন্যায়িক আদালতৰ এই ব্যৱস্থাত সুখী জিলাখনৰ সাধাৰণ জনতা৷ শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্ত চৈয়দ ইস্ফাকুৰ ৰহমান, নগাঁও জিলা সত্ৰ ন্যায়াধীশ ৰীতা কৰ, ন্যায়াধীশ হিতেশ কুমাৰ শৰ্মা, বৈঠালাংছ’ সমষ্টিৰ বিধায়ক মানছিং ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা বাৰ এছ’চিয়েছনৰ সদস্যসকলৰ লগতে একাংশ স্থানীয় ৰাইজ৷
উল্লেখযোগ্য যে, প্ৰথম অৱস্থাত সপ্তাহত এদিনহে আদালত বহিব বুলি উপায়ুক্ত চৈয়দ ইস্ফাকুৰ ৰহমানে জানিবলৈ দিয়ে ।