স্বাস্থ্য প্ৰতিবেদন:
আজিকালি বেছিভাগ মানুহেই থাইৰয়েডৰ ৰোগত ভোগে। থাইৰয়েড গ্রন্থি থাইৰক্সিন নামৰ হৰমোনৰ পৰা সৃষ্ট। থাইৰয়েড এটি ‘চাইলেন্ট কিলাৰ’। ইয়াৰ লক্ষণবোৰ খুব দেৰিকৈ দেখা দিয়ে। বেছিভাগ লোকে থাইৰয়েড ৰোগৰ চিকিৎসাৰ বাবে ব্যয়বহুল ঔষধ খায়।
যাৰ বাবে তেওঁলোকৰ প্রচুৰ ধন খৰচ হয় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত বহু পার্শ্বপ্রতিক্রিয়া হ’ব পাৰে। আজি আমি এনে কিছু উপায় ব্যৱহাৰৰ কথা ক’ব বিচাৰিছো, যাৰ দ্বাৰা থাইৰয়েড সমস্যাৰ পৰা মুক্তি পাব পাৰে।
১) আদা আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। আদাত প্রচুৰ পৰিমাণে পটাচিয়াম, মেগনেছিয়াম আছে যিয়ে থাইৰয়েড সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। আদাত থকা এন্টি-ইনফ্লেমেটৰি বৈশিষ্ট্যই থাইৰয়েডৰ বৃদ্ধি ৰোধ কৰে আৰু ইয়াৰ কার্যকাৰিতা উন্নত কৰে।
২) গাখীৰ আৰু দৈ খোৱাটো থাইৰয়েড ৰোগত উপকাৰী। গাখীৰ আৰু দৈত প্রচুৰ পৰিমাণে কেলচিয়াম আৰু ভিটামিন আছে যিয়ে থাইৰয়েড সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে।













