ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ গোলাঘাট সাঁতোৰ সন্থাৰ উদ্যোগত দুদিনীয়া কাৰ্য্যসূচীৰে আয়োজন কৰা সদৌ অসম মুকলি সাতোঁৰ প্ৰতিযোগিতা এক সুন্দৰ পৰিবেশত সফলতাৰে সম্পন্ন হৈ যায় ।
উক্ত প্ৰতিযোগিতাখনিত শিৱসাগৰ দলে তৃতীয় শ্ৰেষ্ঠ দলৰ সন্মান বুটলিবলৈ সক্ষম হয় । প্ৰথম শ্ৰেষ্ঠ দল হিচাপে গোলাঘাট আৰু দ্বিতীয় শ্ৰেষ্ঠ দল হিচাপে যোৰহাট বিবেচিত হয় । শিৱসাগৰ দলটোৰ হৈ শিৱসাগৰ চুইমিং চছাইটিৰ ১৯ গৰাকী সাঁতোৰবিদে অংশগ্ৰহণ কৰে । শিৱসাগৰ চুইমিং চছাইটিৰ কেইবাগৰাকীও সাতোঁৰবিদে সোণ ,ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰি শিৱসাগৰৰ লগতে সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ।

শিৱসাগৰ চুইমিং চছাইটিৰ প্ৰাৰ্থ দত্তই লৰাৰ তৃতীয় শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ, শৌৰ্য্য চাংমাইয়ে লৰাৰ পঞ্চম শাখাৰ শ্ৰেষ্ঠ খেলুৱৈ আৰু অম্বেষা খনিকৰে ছোৱালীৰ পঞ্চম শাখাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান বুটলিবলৈ সক্ষম হয় ।
উল্লেখ্য যে, শিৱসাগৰ চুইমিং চছাইটিৰ সাঁতোৰ প্ৰশিক্ষক লক্ষী গগৈ আৰু পলাশ বৰুৱাৰ তত্বাৱধানত শিৱসাগৰ দলটিয়ে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল বুলি শিৱসাগৰ চুইমিং চছাইটিৰ সভাপতি যাদৱ গোস্বামী আৰু সম্পাদক অমূল্য বৰুৱাই জানিবলৈ দিয়ে ।ৰংপুৰবাসী ৰাইজে শিৱসাগৰ চুইমিং চছাইটিৰ লগতে খেলুৱৈসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে ৷













