নিউজ ডেস্কঃ
শিক্ষাৰ্থীসকলৰ স্বাস্থ্যৰ কথা বিবেচনা কৰি তেওঁলোকৰ স্বাৰ্থত চলিত বছৰত চিবিএসই বোর্ডৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা বাতিলৰ সিদ্ধান্ত ল’লে কেন্দ্রই। আজি এক বৈঠকত এই সিদ্ধান্ত লয় প্রধানমন্ত্রী মোদীয়ে।
চলিত বছৰত কোভিডৰ দ্বিতীয় ঢৌৰ ফলত চিবিএছই বোর্ডৰ দ্বাদশ শ্রেণীৰ পৰীক্ষা আচলতে অনুষ্ঠিত হ’বনে নাই বা হ’লেও কি প্রক্রিয়াত হ’ব তাৰেই সিদ্ধান্ত ল’বলৈ মঙ্গলবাৰে প্রধানমন্ত্রীয়ে বৈঠকত বহে। বিয়লি সেই বৈঠক আৰম্ভ হয়। প্রধানমন্ত্রী মোদীৰ উপৰি বৈঠকত উপস্থিত আছিল কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং, কেন্দ্রীয় মন্ত্রী প্রকাশ জাভড়েকৰ, চিবিএছই বোর্ডৰ অধ্যক্ষসহ বহু কেইজন। অৱশ্যে কেন্দ্রীয় শিক্ষামন্ত্রীগৰাকী কোভিড আক্রান্ত হৈ হস্পিটেলত চিকিৎসাধীন হৈ থকাত এই বৈঠকত উপস্থিত থাকিব নোৱাৰে।
উল্লেখ্য, চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সন্দৰ্ভত ছুপ্রিম কোর্টত গোচৰ চলি আছে। উক্ত বৈঠক লোৱা সিদ্ধান্ত সম্পৰ্কেও ৩ জুনত ছুপ্রিম কোর্টক জনাব কেন্দ্রই। কেন্দ্রৰ সিদ্ধান্ত বিচাৰ কৰি চোৱাৰ পিছতেই চূড়ান্ত ৰায় দিব ছুপ্রিম কোর্টে।