স্বাস্থ্য প্ৰতিবেদন:
১. এজমা ৰোগৰ ঔষধ :
অর্জুন গছৰ ছালে এজমাৰ ক্ষেত্রত এবিধ ভাল ঔষধৰ কাম কৰে। সেয়ে যিসকলে এজমাৰ সমস্যাত ভুগিছে তেওঁলোকে যদি নিয়মিত অর্জুন গছৰ ছাল গুড়ি কৰি গাখীৰত মিহলাই খাব পাৰে তেনেহ’লে এই এজমাৰ সমস্যা বহুখিনি কমি যাব।
২. হৃদৰোগৰ পৰা দূৰত ৰাখে
অর্জুন গছৰ ছালে হার্টক ভালে ৰখাত কার্যকৰী ভূমিকা পালন কৰে। এই গছৰ ছালে হার্টক সুস্থ ৰাখিবলৈ বিভিন্ন ধৰণৰ চিষ্টেম যেনে- কার্ডিয়াক মাছল শক্তিশালী কৰে, হার্টত ৰক্ত সঞ্চালন ভালে ৰাখে আৰু কৰোনাৰি হার্টৰ ৰোগ হ’বলৈ নিদিয়া ইত্যাদি কাম কৰে। সেয়ে হার্টৰ সুৰক্ষাৰ বাবে অর্জুন গছৰ ছাল গোটেই ৰাতি পানীত ভিজাই থৈ পিছদিনা বটি গাখীৰত মিহলাই খাওক।
৩. হজম ক্ষমতা বৃদ্ধিত সহায় কৰে
অর্জুন গছৰ ছালে হজম ক্ষমতা বৃদ্ধিত সহায় কৰে। সেয়ে যিসকলৰ হজমৰ সমস্যা আছে তেওঁলোকে নিয়মিত প্ৰতি নিশা শুবলৈ যোৱাৰ আগতে কুহুমীয়া পানীত অর্জুন গছৰ ছালৰ গুড়ি মিহলাই খাওক। ইয়াৰ ফলত আপুনি হজমৰ সমস্যাৰ পৰা মুক্তি পাব আৰু হজম ক্ষমতা বাঢ়িব।
৪. লিভাৰৰ সমস্যাত :
এই গছৰ ছালে আমাৰ লিভাৰক ভালে ৰখাত সহায় কৰে। লিভাৰত কোনো সমস্যা হ’লে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সম্মুখীন হ’বলগা হয়। সেয়ে লিভাৰক ভালে ৰাখিবলৈ হ’লে অর্জুন গছৰ ছাল ব্যৱহাৰ কৰক। এই গছৰ ছালৰ গুড়ি পানীত ভিজাই ৰাখি পিছদিনা সেই পানী খাওক। ই লিভাৰচিৰচিছৰ টনিক হিচাবে কাম কৰে। যিয়ে আমাৰ লিভাৰক সুস্থ ৰখাত সহায় কৰে।
৫. কেন্সাৰ প্রতিৰোধত সহায় কৰে :
অর্জুন গছৰ ছালত থাকে গেলিক এচিড আৰু লুটেনোনিন যিয়ে কেন্সাৰৰ কোষ বৃদ্ধি কমোৱাত সহায় কৰে। সেয়ে কেন্সাৰ প্রতিৰোধত অর্জুন গছৰ ছাল অতি উপকাৰী।