ASSAM TIMES POST
বেংগালুৰুঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শনিবাৰে পুৱা বেংগালুৰুস্থিত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা চমুকৈ ইছৰোৰ নিয়ন্ত্ৰণ কেন্দ্ৰত বিজ্ঞানীসকলক সম্বোধন কৰি কয়, ‘আপোনালোক মাখনৰ প্ৰতি লালায়িত লোক নহয়। শিলাখণ্ডক কেনেকৈ কোমল কৰিব পাৰি তাৰহে চিন্তা আপোনালোকে কৰি থাকে।’ উল্লেখযোগ্য যে শুকুৰবাৰে মাজনিশা চন্দ্ৰযান-২এ ইতিহাস ৰচনা কৰিবলৈ মাথো ২.১ কিমি বাকী থকা সময়ত লেণ্ডাৰ বিক্ৰমৰ সৈতে ইছৰোৰ অভিযানটোৰ নিয়ন্ত্ৰণ কেন্দ্ৰৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। ইয়াৰ পৰিপ্ৰেক্ষিততে কিঞ্চিত ভাগি পৰা বিজ্ঞানীসকলৰ উদ্যম ঘূৰাই আনিবলৈ অশেষ চেষ্টা কৰে প্ৰধানমন্ত্ৰীজনে।












