স্বাস্থ্য প্ৰতিবেদন:
গ্রীষ্মকালত পোৱা এবিধ অনবদ্য ফল হৈছে জামু। জামুত টেনিন আৰু এন্টোছায়ানিন জাতীয় উপাদান পোৱা যায়। তদুপৰি, কেলচিয়াম, কার্বোহাইড্রেট আৰু প্রোটিন সমৃদ্ধ জামুৰ পৰা তেলো উলিওৱা হয়। জামু এলকহলযুক্ত উপাদান। ডাযয়েবেটিছ ৰোগীসকলৰ ৰক্তত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে। ইয়াৰ উপৰি জামুৰ
৫টা বিশেষ উপকাৰ হৈছে :
১. বেছিভাগ পেটৰ সমস্যাত ইয়াৰ ব্যৱহাৰ উপকাৰী। ডায়েৰিয়াৰ সমস্যাত অৱশ্যেই জামু খোৱা উচিত।
২. এপেন্ডিছাইটিছত আৰাম পাবলৈ পকা জামু খোৱা উপকাৰী।
৩. অভোক হ’লে জামু খাওক।
৪.ডায়েবেটিছ ৰোগীসকলে এই ঋতুত প্রতিদিনে জামু খোৱা উচিত।
৫. শাৰীৰিক দুর্বলতা দূৰ কৰিবলৈ সন্ধ্যা পাঁচ মিনিট গৰম গাখীৰৰ সৈতে পাঁচ গ্রাম জামুৰ গুড়ি খাওক।













