স্বাস্থ্য প্ৰতিবেদন:
গাখীৰ-নহৰু একেলগে দেখিলেই মনত আহিব পাৰে এয়া কেনে মিশ্রণ। ইতিপূর্বে খুব কম মানুহেই হয়তো এই মিশ্রণৰ নাম শুনিছে। গাখীৰ সুষম পুষ্টি গুণেৰে ভৰপূৰ আৰু নহৰু এণ্টি-অক্সিডেন্ট সমৃদ্ধ। দুয়োটাই সুস্বাস্থ্যৰ বাবে উপকাৰী।
ইয়াৰ বাহিৰেও নহৰুই বেক্টেৰিয়া প্ৰতিৰোধক আৰু প্রদাহৰোধী উপাদান হিচাবে বিশেষ ভূমিকা পালন কৰে। ইয়াৰ উপৰি বহু ক্ষেত্রত শৰীৰৰ হাড়ৰ বিষৰ প্রতিষেধক হিচাবে কাম কৰে।
অৱশ্যে গাখীৰ-নহৰু কিছু নিয়ম মানি নাখালে শাৰীৰিক সমস্যা হোৱাৰ সম্ভাৱনাও আছে। সেয়ে মিশ্রণ সৃষ্টিৰ বাবে কেইবাটাও পৰ্যায় অনুসৰণ কৰিব লাগিব। প্রথমে এটি পাত্রত গাখীৰ আৰু পানী মিহলাই ল’ব লাগিব। তাৰ পিছত নহৰু দিয়ক। মিশ্রণ কৰি এবাৰ উতলাই লওক। গাখীৰ উতলাই উতলাই প্রকৃত গাখীৰৰ আধা কৰিব লাগিব। ইয়াৰ সোৱাদ মতে চেনি মিহলাই লওক। তাৰ পিছত কুহুমীয়া অৱস্থাত খাওক।
আহক এইবাৰ জানি লওঁ গাখীৰ-নহৰুৰ মিশ্রণ খোৱাৰ উপকাৰিতা সম্পর্কে-
# চৰ্দি-কাহ কমোৱাত যথেষ্ট উপকাৰী।
# টোপনিৰ সমস্যা দূৰ হয়।
# প্রজনন ক্ষমতা বৃদ্ধিত উপকাৰী।
# নিয়মিত এই মিশ্রণ খালে এজমা প্রতিৰোধৰ কাম কৰে।
# আৰথ্রাইটিছৰ সমস্যা বহুখিনি কমে।
# ৰক্ত সঞ্চালন প্রক্রিয়া স্বাভাৱিক ৰখাত সহায় কৰে।
# শৰীৰত অপকাৰী কোলেষ্টেৰলৰ পৰিমাণ কমায়। লগতে তেজ গোট মৰা প্রতিৰোধ কৰে।
উৎস : ছায়েন্স ডেইলি













