![]()
নিউজ ডেস্কঃ
প্রায় ১২ হাজাৰৰ ওচৰ চাপিছে দেশত ব্লেক ফাঙ্গাছত আক্রান্তৰ সংখ্যা। চৰকাৰী তথ্য মতে, এই ভাইৰাছত সংক্রমিত হৈছে ১১ হাজাৰ ৭১৭ জন। যাৰ ভিতৰত বেছিভাগেই গুজৰাট, মহাৰাষ্ট্র আৰু অন্ধ্রপ্রদেশৰ পৰা।

বিগত সপ্তাহত ব্লেক ফাঙ্গাছক মহামাৰি হিচাবে ঘোষণা কৰিছে কেন্দ্রই। এখনৰ পিছত আনখন ৰাজ্যত এই ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাই থকাত সংশ্লিষ্ট ৰাজ্যবোৰেও এই মাৰণ ভাইৰাছক মহামাৰি হিচাবে ঘোষণা কৰিছে। কোভিডক লৈ যুঁজ অব্যাহত থকাৰ মাজতে নতুন এই ভাইৰাছৰ সংক্রমণে দেশৰ স্বাস্থ্য ব্যৱস্থাকে আন এক নতুন প্ৰত্যাহ্বানৰ মুখলৈ ঠেলি দিছে।
দেশৰ ভিতৰত ব্লেক ফাঙ্গাছত সকলোতকৈ বেছি সংক্রমিত হৈছে গুজৰাটত। ৰাজ্যখনত আক্রান্তৰ সংখ্যা ২ হাজাৰ ৮৫৯। তাৰ পিছত মহাৰাষ্ট্র(২,৭৭০) আৰু অন্ধ্রপ্রদেশত ৭৬৮ জন সংক্রমিত হৈছে এই ফাঙ্গাছত। কেন্দ্রীয় মন্ত্রী সদানন্দ দেৱগৌড়াই টুইট কৰি এই তথ্য দাঙি ধৰিছে।

আনহাতে, দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালে বুধবাৰে জনাইছে, দেশৰ ৰাজধানীত ৬২০ জন আক্রান্ত হৈছে ব্লেক ফাঙ্গাছত। অৱশ্যে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে দিয়া তথ্যত কোৱা হৈছে দিল্লীত আক্রান্তৰ সংখ্যা ১১৯। ব্লেক ফাঙ্গাছৰ আতঙ্কৰ মাজতেই য়েলো আৰু হোৱাইট ফাঙ্গাছৰ বিষয়টিও সন্মুখলৈ আহিছে। অৱশ্যে এই প্রসঙ্গত এইমছ প্রধান ৰণদীপ গুলেৰিয়াই জনাইছে, কোভিড ৰোগীসকলৰ মাজত ভাইৰাছ সংক্রমণৰ বিষয়টিক বিভিন্ন নামত দাঙি ধৰা হৈছে। যিয়ে এক বিভ্রান্তিৰ সৃষ্টি কৰিছে। ভাইৰাছবোৰৰ ৰং আৰু সংক্রমিত স্থানবোৰৰ ওপৰত ভিত্তি কৰি দিয়া এই নামে বিভ্রান্তিৰ সৃষ্টি কৰা বুলিহে দাবী কৰে গুলেৰিয়াই।
(বিঃ দ্ৰঃ ‘মিউকৰমাইকোছিছ’ আচলতে ‘ব্লেক ফাঙ্গাছ’ নহয়। কাৰ্যত ‘ব্লেক ফাঙ্গাছ’ বুলি কোনো ৰোগ নাই বুলি জনাইছে চিকিৎসকসকলে। কিন্তু এই ৰোগবিধ এই নামেৰেই সাধাৰণ জনতাৰ ওচৰত বহু বেছি পৰিচিত।)













