![]()
নিউজ ডেস্কঃ
কোভিডৰ কাৰণে বহুতৰেই হৃদযন্ত্র, হাওঁফাওঁ বা স্নায়ুৰ ক্ষতি হোৱাৰ কথা চিকিৎসকসকলে বহু দিন ধৰি কৈ আহিছে। শেহতীয়া গৱেষণাত পোহৰলৈ আহিছে আৰু এক চাঞ্চল্যকৰ তথ্য। কোভিড সংক্রমণৰ ফলত পুৰুষসকলৰ যৌন ক্ষমতা হ্রাস পাইছে! চলিত বছৰৰ মার্চ মাহত ‘এন্ড্রোলজি’ নামৰ পুৰুষ মনস্তত্ত্ব সম্পৰ্কীয় আন্তর্জাতিক জার্নালখনত এই দাবী কৰিছে সমগ্ৰ পৃথিৱীৰ বহু কেইজন মনোবিদে।
কোভিড সংক্রমণ পৰৱর্তী স্বাস্থ্যৰ অৱস্থা সন্দৰ্ভত সম্প্রতি এক সমীক্ষা চলোৱা হৈছিল ইটালীৰ পুৰুষসকলৰ ওপৰত। উক্ত সমীক্ষাৰ ফলাফল প্রকাশিত হৈছে ‘এন্ড্রোলজি’ত। সমীক্ষাটোত দেখুওৱা হৈছে, কোভিড সংক্রমণৰ ফলত বহু পুৰুষৰ হৃদযন্ত্র আৰু শিৰা-ধমনীৰ নানা সমস্যাই দেখা দিছে। যাৰ প্রভাৱ পৰিছে যৌনাঙ্গত। পর্যাপ্ত পৰিমাণে তেজ তালো সৰবৰাহ হ’ব পৰা নাই। ফলত সঙ্গমকালত যৌনাঙ্গৰ শিথিলতাৰ পৰা বাহিৰ ওলাব পৰা নাই এই আক্রান্ত পুৰুষসকলে। চিকিৎসাৰ পৰিভাষাত যাক ‘ইৰেকটাইল ডিছফাংচন’ (ইডি) বোলা হয়, উক্ত সমস্যাত তেওঁলোক আক্রান্ত হৈছে।
ভাৰতীয় পুৰুষসকলৰ ক্ষেত্রতো এনে সমস্যাই দেখা দিছে নেকি ?
মনোবিদ আৰু চিকিৎসক সঞ্জয় গর্গে কয়, কোভিড পৰৱর্তী সময়ত আমাৰ ইয়াতো তেনে ঘটনা ঘটিছে। ‘‘কোভিড আৰু লকডাউন মিলাই বহু পুৰুষৰেই উদ্বেগ আৰু অৱসাদ বাঢ়িছে। যাৰ প্রভাৱ পৰিছে যৌন স্বাস্থ্যত। আকৌ অৱসাদ বা উদ্বেগ আঁতৰোৱাৰ ঔষধ যিসকলে খাইছে, সেই ঔষধৰ প্রভাৱতো তেওঁলোকৰ বহুতৰে যৌন অক্ষমতা বাঢ়িছে৷’’ তেওঁ কয়।
ভাৰতীয় পুৰুষসকলৰ মাজত এই সমস্যা যে কেৱল ভাইৰাছৰ সংক্রমণৰ কাৰণে ঘটিছে, তেনে নহয়। বহু মনোবিদেই সেই কথা কৈছে। এই ক্ষেত্ৰত সঞ্জয় গৰ্গে কয়, ‘‘তেনেকুৱাভাবে অঙ্গগত সমস্যা বা ‘অৰ্গেনিক’ সমস্যা হয়তো নাই, কিন্তু তথাপিও বহুতেই এই ‘ইডি’ত ভুগিছে।













