ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা, শিৱসাগৰঃ শিৱসাগৰ জিলাৰ দিখৌমুখ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত শিক্ষক দিৱস উপলক্ষ্যে দিনজোৰা কাৰ্য্যসূচীৰে এক অনুষ্ঠান অনুষ্ঠিত হয়। দিখৌমুখৰ প্ৰবীণ শিক্ষাবিদ টোষেশ্বৰ বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰা অনুষ্ঠানত সভাপতিত্ব কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৱিত্ৰ দত্তই।
অনুষ্ঠানত মহাবিদ্যালয়ৰ মুখ্য প্ৰাচীৰ পত্ৰিকাৰ লগতে সাতোটা বিভাগৰ বিভাগীয় প্ৰাচীৰ পত্ৰিকা আৰু অৰ্থনীতি বিজ্ঞান বিভাগৰ বাৰ্ষিক মুখপত্ৰ “ইনডেক্স” (index) উন্মোচিত হয়। উন্মোচনী সভাত অংশগ্ৰহণ কৰে ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰতিষ্ঠাপক অধ্যক্ষ হৰেন ভূঞা , টোষেশ্বৰ বৰঠাকুৰ, মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ মণিৰাম শইকীয়া, প্ৰাক্তন শিক্ষক দীপ্তি দত্ত, লক্ষ্মী দত্ত , দিখৌমুখৰ অন্যতম শিক্ষাবিদ সভাৰাম ভৰালী, মহাবিদ্যালয়ৰ উপাধ্যক্ষ হৰেন চেতিয়া, জ্যেষ্ঠ অধ্যাপক দেৱেন হাজৰিকা আদি বিশিষ্ট ব্যক্তি সকলে।
আনহাতে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ বৰ্তমানৰ সম্পাদক পাপু য়েইন আৰু নৱনিৰ্বাচিত সম্পাদক অবিনাশ ভৰালীয়ে আঁত ধৰা অনুষ্ঠানত সমূহ শিক্ষক-শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত অসমীয়া কবিতা আবৃত্তিৰ প্ৰতিযোগিতা আৰু ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জীৱন দৰ্শনৰ ওপৰত বক্তৃতা অনুষ্ঠানো আয়োজিত হয়।













