ASSAM TIMES POST
নগাঁওঃ নগাঁও চহৰত নতুনকৈ নিৰ্মাণ কৰা নটাকৈ পথ ৰাইজৰ যাতায়তৰ বাবে আজি মুকলি কৰি দিয়ে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ৷
গড়কাপ্তানি বিভাগৰ ৰাজ্যিক পথ সংমণ্ডল আৰু নগাঁও পৌৰসভাৰ উদ্যোগত “স্বাক্ষৰিত প্ৰকল্প” আৰু “ৰাজ্যিক স্ব-শিতানৰ অগ্ৰাধিকাৰ দাবী অনুমোদিত আচঁনিৰ দ্বাৰা প্ৰায় দুই কোটি পঞ্চাশ লাখ টকা ব্যয় সাপেক্ষে পুনৰ নিৰ্মাণ কৰি ৰাইজৰ বাবে মুকলি কৰি দিয়ে এই পথসমূহ ।
আজি মুকলি কৰা পথ সমূহ হৈছে নগাঁও চহৰৰ গোলোক বৰুৱা পথ, নাওবৈছা ফুকন পথ,মানিক বৰুৱা পথ,মানিক বৰুৱা উপ-পথ (ৰত্ন কান্ত বৰকাকতী পথ),ভদ্ৰেশ্বৰ বৰুৱা উপ-পথ (ভোটাই ডেকা পথ) ভোগেশ্বৰী ফুকননী বৰ্ধিত পথ, দেবেন বৰুৱা পথ, ততমল মহেশ্বৰী পথ আৰু কৃষ্ণ নগৰ পথ ৷

অঞ্চলসমুহৰ ৰাইজে পথকেইটা নিৰ্মাণ কৰি দিয়াৰ বাবে স্থানীয় বিধায়কগৰাকীৰ শলাগ লয় ৷ ইপিনে আজি পথৰ শুভাৰম্ভ কৰি নগাঁও পৌৰসভাৰ ৮ নং ৱাৰ্ডৰ দেবেন বৰুৱা পথত অনুষ্ঠিত এক সভাত বিধায়ক শৰ্মাই বিজেপি চৰকাৰৰ কাৰ্যকালত নগাঁও চহৰৰ উন্নয়নত যথেষ্ট গুৰুত্ব প্রদান কৰা হৈছে বুলি উল্লেখ কৰি নগাঁও চহৰক আধুনিক ৰূপত গঢ় দিবলৈ তেওঁ চেষ্টা অব্যাহত ৰাখিব বুলি মন্তব্য কৰে ।নগাঁও জিলা পুথিভঁৰাল, নেহৰুবালি,সাংস্কৃতিক প্ৰকল্পকে ধৰি নগাঁও চহৰৰ বিভিন্ন অনুষ্ঠান, উদ্যান, বাট-পথ,নলা-নৰ্দমা আদিৰ উন্নয়নত চৰকাৰে গ্ৰহণ কৰা বিভিন্ন আচঁনিৰ বিষয়ে বিধায়ক শৰ্মাই অৱগত কৰে ।
সমাজকর্মী সীমান্ত বৰাই আঁত ধৰা সভাত নগাঁৱৰ পৌৰপতি দিগন্ত দাস,ৱাৰ্ড কমিচনাৰ ৰিংকুমনি শইকীয়া, সাহিত্যিক ডা: দিলীপ বৰুৱাকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে । ইপিনে এই সভাতে উপস্থিত ৰাইজে কেক কাটি বিধায়ক ৰূপক শৰ্মাৰ জন্মদিন উদযাপন কৰে।













