ASSAM TIMES POST
অমৃত কুমাৰ শৰ্মা,শিৱসাগৰঃ “যদিহে কোনো খিলঞ্জীয়া অসমীয়াৰ নাম NRCৰ পৰা বাদ পৰে তেতিয়া তেওঁলোকে চিন্তা কৰাৰ কাৰণ নাই, তেওঁলোকৰ প্ৰতি আমি দায়বদ্ধ৷ তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিব৷ এইক্ষেত্ৰত তেওঁলোকক আমি সহায় কৰিম”- এই মন্তব্য সদৌ অসম অনুসূচিত জাতি ছাত্ৰ সন্থাৰ ৷
কেন্দ্ৰীয় সহকাৰী সম্পাদক তথা জিলা সভাপতি পৰশজ্যোতি দাসে বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰে যে, অসমৰ দৰে জনবহুল ৰাজ্য এখনত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী উন্নিতকৰণ এশ শতাংই যোগাত্মক আৰু গুৰুত্বপূৰ্ণ৷
বহু আশা-প্ৰত্যাশা ত্যাগ আৰু অপেক্ষাৰ অন্তত ৩১ আগষ্টৰ পুৱা ১০ বজাত প্ৰকাশ পায় ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী (NRC) ৰ চূড়ান্ত খচৰা ৷
আনহাতে NRC ৰ পৰা বাদ পৰা বিদেশীক বিদেশী হিচাপে ঘোষণা কৰক৷ তেওঁলোক অসম এৰি যাবলৈ বাধ্য ৷ এই বিদেশীক কোনো আইনী সাহাৰ্য্য প্ৰদান কৰাতো সংগঠনটোৱে নিবিচাৰে ৷
NRC অসমীয়া জনতাৰ সুৰক্ষা কৱচ ৷ ইয়াক লৈ কোনো ৰাজনীতি নকৰিবলৈ সকলো পক্ষকে অনুসূচিত জাতি ছাত্ৰ সন্থাই সকীয়াই দিয়ে ৷













