ASSAM TIMES POST
ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙত অব্যাহত আছে সহস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ কাৰ্যকলাপ৷ বৃহস্পতিবাৰে সন্ধিয়া ডিফুৰ নাতিদূৰৈৰৰ ধনশিৰিৰ পৰা অস্ত্ৰ-শস্ত্ৰসহ এজন ডিএনএলএ লিংকমেন আটক হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
প্ৰাপ্ত খবৰ অনুসৰি গোপন সুত্ৰৰ পমখেদি ধনশিৰি আৰক্ষীয়ে ধনশিৰি এলেকাত সন্ধিয়াৰ ভাগত নাকা তালাচী চলাই থকা অৱস্থান এখন অট’ৰিক্সাত আহি থকা অৱস্থাত কৰায়ত্ব কৰা হয় লিংকমেনটোক৷
লিংকমেনটোৰ কৱলৰ পৰা এটা .২২ পিষ্টল আৰু ২৩ জাঁই সজীৱ গুলীৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীৰ দলটোৱে৷
আৰক্ষীয়ে জনোৱা অনুসৰি ধৃত লিংমেনটো ধনশিৰি খেৰবাৰী এলেকাৰ বিজয় দাওলাগপুৰ পুত্ৰ ৰাজীৱ দাওলাগপু (৩৫) বুলি চিনাক্ত কৰা হৈছে৷
লগতে ধৃত ৰাজীব দাওলাগপু নৱগঠিত সংগঠনটোৰ লিংকমেন হিচাপে কাম কৰি ডিএনএলএ সংগঠনটোক বিভিন্ন খবৰ আদি যোগান ধৰে বুলি জনাইছে ৷