ASSAM TIMES POST
বিভাস দুৱৰা, ডিব্ৰুগড়ঃ টীয়ক চাহ বাগিচাৰ বিশিষ্ঠ চিকিৎসক তথা অসম মেডিকেল কলেজৰ প্ৰাক্তন ছাত্ৰ ডাঃ দেৱেন দত্তক অতি নৃশংসভাৱে খেদি খেদি হত্যা কৰাৰ প্ৰতিবাদ আজিও মাৰ যোৱা নাই।
বিশিষ্ট তথা বৰ্ষীয়ান চিকিৎসকগৰাকীৰ এনে হত্যাৰ প্ৰতিবাদকল্পে আজি ডিব্ৰুগড়ৰ চৌকিডিঙীত জিলা যুটীয়া স্বাস্থ্য সঞ্চালকলৰ কাৰ্যালয়ৰ সমূহ বহুমুখী স্বাস্থ্যকৰ্মী সন্থাই বন্তি প্ৰজ্বলন কৰে৷
লগতে চিকিৎসক ডাঃ দেৱেন দত্তৰ বিদেহ আত্মাৰ সদগতি কামনা কৰাৰ লগতে উক্ত ঘটনাত জড়িত সকলো দোষী ব্যক্তিক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি ৰাজ্যখনত কৰ্মৰত সকলো চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দাবী জনায়।













