ASSAM TIMES POST
নগাঁওঃ “এক ঐতিহাসিক আন্দোলনৰ পিচত অসমৰ মানুহে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী(এন আৰ চি) লাভ কৰিছে। বিজেপি দলে অসমৰ এন আৰ চি বিষয়টোক লৈ সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে। সেয়ে বিজেপিয়ে সমগ্ৰ দেশতে এন আৰ চি বিচাৰিছে। আমি সমগ্ৰ দেশত এন আৰ চি বিচৰা নাই। অসমৰ বাহিৰে অন্য ৰাজ্যত এন আৰ চিৰ প্ৰয়োজন নাই।
অসমত এন আৰ চিৰ পুনৰীক্ষনৰো কোনো প্ৰয়োজনীয়তা নাই।এন আৰ চিৰ নামত বহু ভাৰতীয় নাগৰিক হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে। “আজি নগাঁও প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত এই মন্তব্য কৰে কমিউনিষ্ট দল চি পি আই (এম-এল) লিবাৰেচনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক দীপাংকৰ ভট্টাচাৰ্যই।
এন আৰ চিৰ চূড়ান্ত খচৰাৰ পৰা ১৯ লাখ মানুহৰ নাম বাদ পৰা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কমিউনিষ্ট নেতা ভট্টাচাৰ্যই কয় যে চূড়ান্ত তালিকাত একেটা পৰিয়ালৰ কাৰোবাৰ নাম আছে আৰু কাৰোবাৰ নাম বাদ পৰি গৈছে। এন আৰ চিত অন্তৰ্ভূক্ত নোহোৱা মানুহে আপীল কৰাৰ সুবিধা আৰু ন্যায় পাব লাগিব।
এই ক্ষেত্ৰত ১২০ দিন সময়সীমা বান্ধি গঠন কৰিব বিচৰা বিদেশী ন্যায়ধীকৰণে প্ৰকৃত সত্য উন্মোচন কৰাত সন্দেহ আছে। সেয়ে এইটো ন্যায়িকভাবে সমাধান কৰাটো আমি বিচাৰিছো। ন্যায়িক ব্যৱস্থা চলি থকা সময়ত সকলোকে ভাৰতীয় হিচাপে সুৰক্ষা প্ৰদান কৰিব লাগে।এন আৰ চিত নাম নথকা সকল হাৰাশাস্তিৰ সন্মুখীন হবলগা হৈছে। সেয়ে আমি অনুৰোধ জনাও যে এন আৰ চিৰ মূল তালিকা প্ৰকাশ নোপোৱা পৰ্যন্ত কোনো লোককে যাতে হাৰাশাস্তি কৰা নহয়।
আনহাতে চৰকাৰে স্থাপন কৰা ডিটেনচন কেম্পে আন্তৰ্জাতিক প্ৰেক্ষাপটত ভাৰতবৰ্ষক বদনাম কৰা বুলি উল্লেখ কৰি ভট্টাচাৰ্যই আৰু কয় যে ডিটেনচন কেম্প গনতন্ত্ৰৰ পৰিপন্থী। য’ত গণতন্ত্ৰ আৰু মানৱ অধিকাৰক হত্যা কৰা হৈছে। সেয়ে অসমত স্থাপন কৰা সকলো ডিটেনচন কেম্প বন্ধ কৰিব লাগে।
কৰ্মচাৰীক দৰমহা দিবলৈ চৰকাৰৰ ধনৰ অভাব অথচ হেজাৰ কোটি টকা ডিটেনচন কেম্পৰ বাবে চৰকাৰে ব্যয় কৰি আহিছে। ডিটেনচন কেম্প সমূহ বন্ধ কৰাৰ লগতে পৰবৰ্তী সময়ত যাতে কোনো ডিটেনচন কেম্প স্থাপন কৰা নহয়। আনহাতে বিজেপি দলে দেশখনক পিচুৱাই নিয়া বুলি অভিযোগ কৰি ভট্টাচাৰ্যই কয় যে, বিজেপিয়ে অসমত পৰীক্ষাগাৰ বনাই আৰ এচ এচৰ এজেণ্ডা পৰিপূৰ্ণ কৰিব বিচাৰিছে।
অসম আন্দোলনৰ বাকী সমূহ দাবী পূৰণত বিজেপি দল আগ্ৰহী নহয়। সমন্বয়ৰ ভেটিত সৃষ্টি হোৱা অসমৰ সংস্কৃতিক বিজেপিয়ে ধ্বংস কৰিব বিচাৰিছে।বিজেপি চৰকাৰৰ কাৰ্যকালত দেশত গভীৰ আৰ্থিক সংকট আৰু নিবনুৱা সমস্যাই দেখা দিয়া বুলিও তেওঁ মন্তব্য কৰে।
কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিল কৰি কেন্দ্ৰীয় চৰকাৰে কাশ্মীৰৰ জনসাধাৰণক প্ৰতাৰণা কৰা বুলিও তেওঁ অভিযোগ কৰে।অসমৰ এন আৰ চিত বিদেশী নাগৰিকৰ নাম অন্তৰ্ভূক্ত হোৱা বুলি উত্থাপিত অভিযোগৰ সম্পৰ্কত কোনো স্পষ্ট মতামত নিদি তেওঁ বিষয়টো উচ্চতম ন্যায়ালয় আৰু বিজেপি চৰকাৰৰ বোধগম্য হব বুলিহে মন্তব্য কৰে।
চলিত মাহত ৰাজস্থানত অনুষ্ঠিত হবলগা চি পি আই (এম এল) লিবাৰেচনৰ কেন্দ্ৰীয় সমিতিৰ বৈঠকত অসমৰ এন আৰ চি,কাশ্মীৰ সমস্যা,দেশৰ আৰ্থিক সমস্যা আদি বিষয়ৰ আলোচনা কৰা হব বুলি তেওঁ সংবাদমেলত জানিবলৈ দিয়ে। সংবাদ মেলত চি পি আই এম এলৰ ৰাজ্যিক সম্পাদক ৰুবুল শৰ্মা, অৰূপ কুমাৰ মহন্ত, মৃদুপৱন বৰাকে ধৰি ভালেকেইগৰাকী নেতা উপস্থিত থাকে।













