স্বাস্থ্য প্ৰতিবেদন:
সকলো মানুহৰ শৰীৰতেই তিল থাকে। কিন্তু আপোনাৰ সমগ্ৰ শৰীৰত অসংখ্য তিল আছে নেকি? এই বিষয়ত বহুতেই হয়তো ভাবিছে, এয়া কোনো ৰোগৰ লক্ষণ নেকি! আপুনি কি জানে? মানুহৰ শৰীৰত যিমান বেছি তিল থাকে, তেওঁলোকৰ চেহেৰাত বয়সৰ চাপ সিমান কম পৰে! অবাক হৈছে? হোৱাৰ কথাই।
কিন্তু এনেকুৱাই দাবী কৰিছে লণ্ডনৰ কিংছ কলেজৰ এদল গৱেষকে। ২০১৪ চনত এই গৱেষণাৰ ৰিপোর্ট প্রথম প্রকাশিত হয় ‘ৰয়েল ছছাইটি অব মেডিচিন কনফাৰেন্স’ত।
গৱেষক দলৰ মতে, বেছি তিল থকা মানুহৰ শৰীৰত টেলোমিয়াৰছ (জীৱকোষৰ সূক্ষ্ম তন্তু বিশেষ) দীর্ঘতৰ হৈ থাকে। এই টেলোমিয়াৰছে ছালক বয়সৰ চাপ পৰাৰ পৰা ৰক্ষা কৰে। এই খবৰ জি নিউজৰ।
একে সময়তে এই ব্রিটিছ গৱেষকসকলৰ দাবী, তিল থকা মানুহৰ মেলানোমা (ছাকৰ কেন্সাৰ) হোৱাৰ সম্ভাৱনা তুলনামূলকভাৱে অলপ বেছি। কিন্তু তেওঁলোকৰ বুঢ়া হৈ যোৱাৰ কামটো আগবাঢ়ে কিছু ধীৰ গতিত।
এই গৱেষণাত কোৱা হৈছে, মানুহৰ শৰীৰত সাধাৰণতে ৩০ৰ পৰা ৪০টা তিল থাকিব পাৰে। কিন্তু বহুতৰ শৰীৰতেই ১০০টাৰ বেছি তিল থাকে। আৰু এই দুই ধৰণৰ মানুহক পর্যবেক্ষণ কৰি গৱেষকসকলে পাইছে যাৰ শৰীৰত যিমান বেছি তিল, তেওঁৰ শৰীৰত বয়সৰ চাপ পৰাৰ গতি সিমানখিনি কম। কেৱল সোয়াই নহয়, তিল বেছি থকা মানুহৰ শৰীৰৰ হাড়ো তুলনামূলকভাৱে মজবুত হৈ থাকে।













