স্বাস্থ্য প্ৰতিবেদন:
(যোৱা সংখ্যাৰ পৰা)
খাদ্যৰ উপৰি ছালৰ বাবেও যথেষ্ট উপকাৰী নেমুৰ বাকলি। এক মুঠি নেমুৰ বাকলিৰ সৈতে ১-২ কাপ চেনি দি ভালদৰে পেস্ট তৈয়াৰ কৰক। ইয়াৰ পিছত আপোনাৰ ছাল বা ছালৰ ধৰণ বিবেচনা কৰি তাত কেইফোটামান অলিভ অইল মিহলাই লওক।
তৈলাক্ত ছালতকৈ শুষ্ক ছালত বেছি তেল দি মিশ্রণটি তৈয়াৰ কৰিব লাগিব। মিশ্রণটি তৈয়াৰ কৰাৰ পিছত ভিজা ছালত আলসুৱাভাবে ঘঁহি ঘঁহি লগাই দিয়ক। এইবাৰ পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। এই স্ক্রাব ব্যৱহাৰৰ ফলত আপোনাৰ ছাল আৰু উজ্জ্বল দেখাব আৰু ছালৰ মৃত কোষবোৰক জীৱিত কৰি তুলিব। এই স্ক্রাবে শুকান ছালক নৰম কৰাত সহায় কৰিব। সপ্তাহত এবাৰ নেমুৰ বাকলিৰ স্ক্রাব লগাব পাৰে।
এক চিকুট নেমুৰ বাকলিৰ গুড়িৰ সৈতে ২ টেবুল চামুচ চাউলৰ গুড়ি মিহলাই লওক। এইবাৰ মিশ্রণটি ঠাণ্ডা গাখীৰেৰে ঘন পেস্ট তৈয়াৰ কৰক। ছালৰ মৃত কোষবোৰক জীৱিত কৰিবলৈ এই পেস্টটি মুখৰ ভিজা ছালত সমানভাবে মাখি দিয়ক। ১৫ মিনিট পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই পেলাওক। এই ফেচ পেকটিয়ে আপোনাৰ ছাল-কোষক উজ্জ্বীৱিত কৰি তুলিব।
ভৰি ফটাৰ চিকিৎসা:
এক কাপ নেমুৰ বাকলি গুড়ি কৰি লওক আৰু তাত পেট্রোলিয়াম জেলি দি মিশ্রণ তৈয়াৰ কৰক। এইবাৰ তৈয়াৰ কৰা পেষ্টটি ফটা ভৰিত লগাই দিয়ক। ইয়াৰ পিছত ভৰিত মোজা পিন্ধি লওক আৰু কেইঘণ্টামান ৰাখক। ভৰি ধুই পেলোৱাৰ পিছত ভৰিৰ ছাল নৰম আৰু স্বাস্থ্যকৰ দেখাব।
নখ বগা কৰি ৰাখিবলৈ:
যিসকলে নখ বিবর্ণ হৈ যোৱাৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে নেমুৰ বাকলি বেছ উপকাৰী। এক মুঠি নেমুৰ বাকলি পেস্ট কৰি লওক আৰু তাক কেইমিনিটমানৰ বাবে বিবর্ণ নখবোৰত ব্যৱহাৰ কৰক। ইয়াৰ পিছত পানীৰে ধুই দিয়ক। এনে ধৰণৰ যত্নই আপোনাৰ নখবোৰৰ স্বাভাৱিক ৰং ঘূৰাই অনাত সহায় কৰিব।
সকলো ধৰণৰ পৰিচ্ছন্নতাত:
বীজাণুমুক্ত কৰি ৰাখিবলৈ পৰিষ্কাৰক হিচাবেও নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। প্রথমে নেমুৰ বাকলিখিনি পানীত সিদ্ধ কৰি লওক আৰু চেকি লওক। এইবাৰ অ-বিষাক্ত ডিআইৱাই ক্লিনাৰ তৈয়াৰ কৰিবলৈ এই পানীৰ সৈতে প্রয়োজন মতে ভিনেগাৰ বা বেকিং ছডা মিহলাই লওক। ইয়াৰ পিছত এই পানীৰে ঘৰৰ আচবাবপত্র, মজিয়া আৰু অন্যান্য ব্যৱহার্য সামগ্ৰী পৰিষ্কাৰ কৰক। নেমুৰ বাকলিত থকা ৰাসায়নিক পদার্থবোৰৰ দাগ উঠাই পেলোৱাৰ ক্ষমতাও আছে।
দুর্গন্ধ দূৰ কৰিবলৈ:
ফ্রিজ, বন্ধ ড্রয়াৰ কিম্বা ট্রাংক ইত্যাদিৰ ভিতৰত সৃষ্টি হোৱা দুর্গন্ধ দূৰ কৰিবলৈ নেমুৰ বাকলি বেছ কার্যকৰী। নেমুৰ বাকলিয়ে মাইক্রৱেভ, কাটাৰ বোর্ড আৰু অন্যান্য ব্যৱহার্য পাত্র পৰিষ্কাৰ কৰাৰ ক্ষেত্রত যাদুৰ দৰে কাম কৰি থাকে। বাটিৰ পানীত কেইটামান নেমুৰ বাকলি দি কিছু সময়ৰ বাবে মাইক্রৱেভৰ ভিতৰত ৰাখক। ই মাইক্রৱেভৰ ভিতৰৰ দুর্গন্ধক সতেজ গোন্ধলৈ পৰিণত কৰিব। আৰু কাটাৰ বোর্ডক জীবাণুমুক্ত কৰিবলৈ নেমুৰ বাকলিৰ সৈতে নিমখ মহলাই ঘঁহক। তাৰ পিছত ধুই পেলাওক।
ৰুম ফ্রেছনাৰ হিচাবে:
নেমুৰ বাকলি ব্যৱহাৰ কৰি ঘৰতেই তৈয়াৰ কৰক প্রাকৃতিক ৰুম ফ্রেছনাৰ। শুকান ফুল আৰু প্রয়োজনীয় তেলৰ সৈতে নেমুৰ বাকলি মিহলাওক। এইবাৰ ইয়াত ছাইট্রাছ-সুগন্ধযুক্ত মিশ্রণটি পৰিষ্কাৰ এটি স্প্রে বটলত ৰাখক। এনেদৰে আপুনি ঘৰটোক সকলো সময়তে সুবাসিত কৰি ৰাখিব পাৰিব।
পোক-পৰুৱা আঁতৰায়:
ঘৰত পোক-পৰুৱাৰ উপদ্রৱ কমাবলৈ বিকল্প হ’ব পাৰে নেমুৰ বাকলিৰ ব্যৱহাৰ। বিশেষকৈ পৰুৱা, পইতাচোৰা ইত্যাদিয়ে নেমুৰ গোন্ধ সহ্য কৰিব নোৱাৰে। গতিকে আপুনি ঘৰৰ চুকত বা য’ত পোক-পৰুৱাৰ উপদ্রৱ আছে তাত নেমুৰ বাকলি পেলাই ৰাখিব পাৰে।














