স্বাস্থ্য প্ৰতিবেদন:
আমাৰ দেশত ভিটামিন-চিৰ সকলোতকৈ ভাল উৎস হিচাবে ধৰা হয় নেমুক। আৰু বিশ্বব্যাপী চলি থকা ক’ৰোনা ভাইৰাছ মহামাৰিৰ সময়ত স্বাস্থ্য বিশেষজ্ঞসকলেও বাৰম্বাৰ কৈ আহিছে বেছি মাত্ৰাত ভিটামিন চি গ্রহণ কৰিবলৈ। কিন্তু নেমুৰ ৰস বাহিৰ কৰাৰ পিছত তাৰ বাকলি পেলাই দিব নেকি? আপোনাৰ স্বাস্থ্য আৰু ছালৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী তাক জনাৰ পিছত আপুনি নিশ্চিতভাবে বাকলি পেলাই দিয়াৰ অভ্যাস সলনি কৰি পেলাব। আহক জানি লোৱা যাওক, নেমু আৰু বাকলিৰ উপকাৰিতা আৰু ব্যৱহাৰ সর্ম্পকে।
নেমুৰ ৰসৰ দৰে বাকলিতো আছে প্রচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, ফাইবাৰ, পটাচিয়াম, মেগনেচিয়াম আৰু বিটা কেৰটিন। এক কথাত ক’বলৈ গ’লে, ৰসতকৈও ইয়াৰ বাকলিয়ে প্রায় ৫ৰ পৰা ১০ গুণ বেছি পুষ্টি সৰবৰাহ কৰিব পাৰে। প্রায় ১০০ গ্রাম নেমুৰ বাকলিত ১৩৪ মিলিগ্রাম কেলচিয়াম, ১৬০ মিলিগ্রাম পটাচিয়াম, ১২৯ মিলিগ্রাম ভিটামিন-চি আৰু ১০.৬ গ্রাম ফাইবাৰ থাকে।
হাড় মজবুত কৰে:
আপোনাৰ হাড় মজবুত আৰু হাড়ৰ স্বাস্থ্যগত উন্নতি কৰিব পাৰে ভিটামিন-চি আৰু কেলচিয়ামে।
নেমুৰ বাকলিত এই পুষ্টিসমূহে প্রদাহজনিত পলি আর্থ্রাইটিছ, অস্টিঅপোৰোছিছ, ৰিউমেটয়েড আর্থ্রাইটিছৰ দৰে ৰোগো প্রতিৰোধ কৰাত সহায় কৰে।
কেন্সাৰ প্রতিৰোধক:
নেমুৰ ৰসৰ দৰে বাকলিও চাইট্রাছ বায়োফ্লাভোনয়েড সমৃদ্ধ। যিয়ে জাৰণ চাপৰ মাত্রা কমোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। লগতে দেহৰ ভিতৰক ক্ষাৰীয় কৰি তোলে। নেমুৰ বাকলিয়ে কেন্সাৰো প্রতিৰোধ কৰিব পাৰে। নেমুৰ বাকলিয়ে দেহৰ ভিতৰত কেন্সাৰ কোষবোৰ বৃদ্ধি পোৱাৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে উপাদান লিমোনিন আৰু ছালভস্ট্রোল কিউ-৪০ সৰবৰাহ কৰি থাকে।
বেক্টেৰিয়া প্রতিৰোধ:
ভিটামিন-চিৰ এন্টিবেক্টেৰিয়েল ক্ষমতাই নাড়ি-ভুঁড়ি/ অন্ত্রৰ ভিতৰত থকা কৃমি আৰু পৰজীৱী বীজাণু মাৰি পেলায়। ইয়াৰ উপৰি দেহৰ বিভিন্ন অঙ্গক বিভিন্ন বেক্টেৰিয়াৰ সংক্রমণৰ পৰা ৰক্ষা কৰি থাকে।
কেনেদৰে খাব নেমুৰ বাকলি?:
নেমুৰ পৰা বাকলি এৰুওৱাৰ পিছত ইয়াক আপুনি শুকাই ৰাখিব পাৰে, যাতে ইয়াক ভালেদৰে গুড়ি কৰিব পৰা যায়। বাকলি শুকোৱাৰ সহজ এটি উপায় হ’ল, অভেন ব্যৱহাৰ কৰি ২০০ ডিগ্রী ফাৰেনহাইট তাপমাত্রাত তাক ভাজাৰ দৰে কৰিব পাৰে আৰু তাৰ পিছত গুড়ি কৰি লওক। ইয়াৰ পিছত সেই গুড়ি বিভিন্ন ধৰণে প্রতিদিনৰ খাদ্য, পানীয়, অর্গেনিক চাহ বা চুপৰ লগত মিহলাই খাব পাৰে।
কিমান নিৰাপদ?
নেমুৰ বাকলি অক্সালেটৰ এক ডাঙৰ উৎস। দেহত প্রতিদিনে ৮০ মিলিগ্রামৰ বেছি অক্সালেট গ্রহণ কৰিলে কিডনি আৰু পিত্তথলিত পাথৰ সৃষ্টি কৰিব পাৰে। আৰু ১ চাহ চামুচ নেমুৰ বাকলিত প্রায় ২৫ মিলিগ্রাম অক্সালেট থাকিব পাৰে। সেয়ে, প্রতিদিনে সর্বাধিক ৩ চাহ চামুচৰ অধিক নেমুৰ বাকলি গ্রহণ কৰা উচিত নহয়।














