![]()
নিউজ ডেস্কঃ
ৰাজস্থান চৰকাৰে ‘ব্লেক ফাঙ্গাছ’ক মহামাৰী ঘোষণা কৰিছে। গেহলট চৰকাৰে এই ঘোষণা কৰি জনাইছে যে ব্লেক ফাঙ্গাছে বিপজ্জনক ৰূপ লৈছে আৰু দেশত বহু ৰাজ্যত দ্রুতগতিত বিয়পি পৰিছে। সেই কাৰণে এই বিষয়ত অত্যধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন।
উল্লেখ্য, কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডঃ হর্ষ বর্ধনে টুইট কৰি জনাইছে যে চকুত ৰঙা পৰা বা বিষ, জ্বৰ, কাহ, মূৰৰ বিষ, শ্বাসকষ্ট, অস্পষ্ট দৃষ্টি, বমিভাব বা মানসিক অৱস্থাৰ পৰিবর্তন ব্লেক ফাংগাছৰ লক্ষণ হ’ব পাৰে।
কৰোনাৰ পৰা আৰোগ্য হৈ উঠা অথবা সংক্রমণৰ সময়ত ৰোগীসকল ব্লেক ফাঙ্গাছৰ চিকাৰ হ’ব পাৰে। এই সংক্ৰমণৰ কাৰণে ৰোগীৰ মৃত্যুও হ’ব পাৰে। এইমছ দিল্লীৰ সঞ্চালক ডঃ ৰণদীপ গুলেৰিয়াই জনাইছে, ষ্টেৰয়েড সাধাৰণতে ৫-১০ দিনৰ বাবে প্রয়োজন হয়৷ যদি এই ঔষধবোৰ ৰোগীসকলক আৰু বেছি দিন দিয়া হয় তেতিয়াহ’লে ব্লেক ফাংগাছৰ সম্ভাৱনা উল্লেখযোগ্যভাবে বৃদ্ধি পায়। ষ্টেৰয়েড দিয়া ৰোগীসকলৰ ওপৰত নজৰ ৰখাটোও স্বাস্থ্যকর্মীসকলৰ দায়িত্বৰ ভিতৰত পৰে। ব্লেক ফাঙ্গাছৰ পৰা বাচিবৰ বাবে ৰোগীসকলৰ চোৱাচিতা অতি গুৰুত্বপূর্ণ।
উল্লেখ্য, কৰোনাৰ দ্বিতীয় ঢৌৰ মাজতে ব্লেক ফাঙ্গাছৰ বিপদ বৃদ্ধি পাই গৈছে। মহাৰাষ্ট্র, গুজৰাট, মধ্যপ্রদেশ, ঝাড়খণ্ড, দিল্লী আৰু কর্ণাটকৰ উপৰি দেশৰ আৰু কেইখনমান ৰাজ্যত ব্লেক ফাঙ্গাছ বৃদ্ধি পাই আছে। ইফালে হাৰিয়ানা চৰকাৰেও ব্লেক ফাঙ্গাছক জাননীকৃত ৰোগ ঘোষণা কৰিছে।










