স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাৰ তৃতীয় ঢৌত তুলনামূলকভাৱে কম বয়সীয়াসকলতো বাদেই, শিশুসকল আক্রান্ত হোৱাৰ আশঙ্কাৰ কথাও শুনা গৈছে। তাৰ পিছতেই বহু পিতৃ-মাতৃয়ে সন্তানসকলক ক’ৰোনা সংক্রমণৰ পৰা বচাবলৈ মাল্টিভিটামিন বা জিঙ্ক টেবলেট খুওৱা আৰম্ভ কৰিছে।
ইয়াৰ ফলত ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে৷ ‘কিন্তু শিশুসকলৰ বাবে এই ধৰণৰ ‘ছাপ্লিমেন্ট’ আচলতে নিৰাপদনে? চিকিৎসকে কয়, একেবাৰেই নিৰাপদ নহয়। বিশেষকৈ ৫ বছৰৰ তলৰ বয়সৰ শিশুসকলৰ ডাঙৰ ক্ষতি হ’ব পাৰে এই ধৰণৰ টেবলেট খালে।
কেনে ধৰণৰ বিপদ আমন্ত্ৰণ জনাব পাৰে এই ‘ছাপ্লিমেন্ট’বোৰে?
চিকিৎসকে কয়, শিশুসকলে তেওঁলোকৰ প্রয়োজনীয় ৰোগ প্রতিৰোধ শক্তি যোগাৰ কৰি লয় প্ৰতিদিনৰ খাদ্যৰ পৰাই। পৃথককৈ ভিটামিন খুউওৱাৰ প্ৰয়োজন নহয়।
খুৱালে সি আর্থাৰাইটিছ বা হাড়ৰ বিভিন্ন ৰোগহে মাতি আনিব পাৰে। ইয়াৰ উপৰি মুখৰ ঘা, চকুৰ সমস্যা, পেশীৰ বিষে দেখা দিব পাৰে। শিশুসকলৰ বৃদ্ধিও বন্ধ হৈ যাব পাৰে এনে ধৰণৰ মাল্টিভিটামিনৰ কাৰণে।
উপায় কি?
ক’ৰোনাৰ পৰা বাচিবলৈ ৰোগ প্রতিৰোধ শক্তি বঢ়াব লাগিব। কিন্তু তাৰ বাবে মাল্টিভিটামিন নহয়, শিশুসকলক দিব লাগিব সুষম আহাৰ। চিকিৎসকসকলৰ পৰামর্শত তেওঁলোকৰ প্রয়োজনীয় খাদ্য দিব লাগিব নিয়ম মতে। ইয়াৰ বাহিৰে চিকিৎসকসকলে গুৰুত্ব দিছে শিশুসকলৰ খেলা-ধূলাত। সামাজিক দূৰত্ব আৰু স্বাস্থ্যবিধি মানি তেওঁলোকক খেলা-ধূলা কৰিবলৈ দিলে ৰোগ প্রতিৰোধ ক্ষমতা বহুখিনি বাঢ়িব।













