ষ্টাফ ৰিপ’ৰ্টাৰ:
চৰকাৰ গঠন কৰিবলৈ গৈও দুখৰ খবৰ পশ্চিমবংগত তৃণমূল কংগ্ৰেছৰ বাবে। কিয়নো বিজেপিয়ে একপ্ৰকাৰ ৰচনা কৰা চক্ৰবেহুৰ পৰা ওলাই আহি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে বৃহৎ ব্যৱধানত জয়লাভ কৰে।
কিন্তু তাৰ মাজতে দলটোৰ বাবে অতি দুখৰ খবৰ যে দলটোৰ নেত্ৰী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে অপ্ৰত্যাশিতভাবে পৰাজয়বৰণ কৰিবলগা হয়। উল্লেখযোগ্য যে মমতাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল নন্দিগ্ৰাম সমষ্টিৰ পৰা।
উক্ত সমষ্টিটোত তেওঁৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিজেপিৰ ৰাজ্যিক সভাপতি শুভেন্দু অধিকাৰীয়ে। শুভেন্দুই মমতাক প্ৰায় ৩ হাজাৰ ভোটত পৰাস্ত কৰে।










