নিউজ ডেস্কঃ
চলি আছে অসমকে ধৰি ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা। ইতিমধ্যে একপ্ৰকাৰ নিশ্চিত হৈছে ৰাজ্যকেইখনত কোনে চৰকাৰ গঠন কৰিব। অসমত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত। কিন্তু তাৰ মাজত কেইটামান বৃহৎ অঘটন ঘটিবলৈ আগবাঢ়িছে।
ইয়াৰে ভিতৰত কংগ্ৰেছ সভাপতি ৰিপুন বৰা গহপুৰ সমষ্টিত পৰাজয়ৰ গৰাহত। সমষ্টিটোত বিজেপিৰ প্ৰাৰ্থী উৎপল বৰাই তীব্ৰ প্ৰত্যাহ্বান আগবঢ়াই অগ্ৰগতি লাভ কৰিছে। একেদৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা দুয়োটা সমষ্টিতে পিছ পৰি আছে। একেদৰে সাধাৰণ সম্পাদক জগদীশ ভূঞা আৰু কাৰ্যকৰী সভাপতি পবিন্দ্ৰ ডেকাও নিজ নিজ সমষ্টিত পিছ পৰি আছে। আনহাতে, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ শিৱসাগৰ সমষ্টিৰ পৰা আগবাঢ়ি আছে।