নিউজ ডেস্কঃ
ইতিমধ্যে আৰম্ভ হৈছে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা প্ৰক্ৰিয়া। ১০.২০ বজালৈ পোৱা প্ৰাৰম্ভিক প্ৰৱণতা অনুযায়ী অসমত বিজেপিৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হোৱাৰ পথ প্ৰশস্ত হৈছে।
আনহাতে, বিজেপিৰ তীব্ৰ প্ৰত্যাহ্বান নেওচি পশ্চিমবংগত মমতা বেনাৰ্জীয়ে পুনৰ চৰকাৰ গঠন কৰাটো একপ্ৰকাৰ নিশ্চিত। ইফালে তামিলনাডুত কংগ্ৰেছ-ডিএমকে মিত্ৰজোট আৰু কেৰালাত বাওঁ মৰ্চাৰ চৰকাৰ হোৱাটো এক প্ৰকাৰ নিশ্চিত। পুডুচেৰীত বিজেপি চৰকাৰ হোৱাটো প্ৰায় খাটাং হৈছে। শেহতীয়া প্ৰৱণতা অনুযায়ী
অসমত-
বিজেপি মিত্ৰজোট ৭২খন আৰু কংগ্ৰেছ মহাজোট ৪০খন আসনত ¹আগবাঢ়ি আছে।
পশ্চিমবংগত-
তৃণমূল কংগ্ৰেছ ১৮৯ আৰু বিজেপি ৯৮খন আসনত আগবাঢ়ি আছে।
তামিলনাডুত-
ডিএমকে মিত্ৰজোট ১৩৪খন আৰু কংগ্ৰেছ ১০০খন আসনত আগবাঢ়ি আছে।
পুডুচেৰীত-
বিজেপি ৯খন আৰু কংগ্ৰেছ ৫খন আসনত আগবাঢ়ি আছে।
কেৰালাত-
বাওঁ মৰ্চা ৮৮ আৰু কংগ্ৰেছ ৫০খন আসনত আগবাঢ়ি আছে।