নিউজ ডেস্কঃ
কাইলৈ ভাগ্য নিৰ্ণয় হ’ব অসম বিধানসভাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলৰ। অসম বিধানসভাৰ ১২৬খন আসনৰ বাবে ইভিএমত বন্দী হৈ থকা প্ৰাৰ্থীসকলৰ ভাগ্য কাইলৈ ষ্ট্ৰং ৰুমৰ পৰা মুকলি হ’ব। আগন্তুক ৫ বছৰৰ বাবে ৰাইজক প্ৰতিনিধিত্ব কৰাৰ বাবে কাৰ ভাগ্য উদয় হয় সেয়া কাইলৈৰ ভোট গণনাৰ অন্তত স্পষ্ট হৈ পৰিব।
ইতিমধ্যে ভোট গণনাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে জিলা প্ৰশাসনসমূহে। ভোট গণনা অনুষ্ঠিত হ’বলগীয়া কেন্দ্ৰসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে কঠোৰভাবে যাতে কোভিড প্ৰটকল মানি চলা যায় তাৰো ব্যৱস্থা কৰা হৈছে।
ভোট গণনা কেন্দ্ৰত নিযুক্ত সকলো বিষয়া-কৰ্মচাৰী তথা নিৰাপত্তাৰ দায়িত্বত থকা লোকসকলৰ আগতীয়াকৈ কোভিড পৰীক্ষা কৰা হৈছে।
কাউন্টিং এজেন্টসকলে আগতীয়া কোভিড টেষ্ট কৰাৰ লগতে মাস্ক আৰু ফেচ শ্বিল্ড ব্যৱহাৰ কৰাটো বাধ্যতামূলক।
সাংবাদিকসকলেও কোভিড টেষ্ট কৰাটো বাধ্যতামূলক।
ভোট গণনা কেন্দ্ৰৰ বাহিৰত কোনো ধৰণৰ লোকৰ উপস্থিতি সম্পূৰ্ণৰূপে নিষিদ্ধ।
ভোট গণনাৰ অন্তত প্ৰমাণ-পত্ৰ গ্ৰহণৰ বাবে প্ৰাৰ্থী বা তেওঁৰ এজেণ্টসহ মাত্ৰ দুগৰাকী লোকক অনুমতি দিয়া হৈছে।
কোনো ধৰণৰ বিজয় সমাবেশ কৰিব বা সমদল উলিয়াব নোৱাৰিব।
৫জনৰ ওপৰত লোক সমবেত হ’ব নোৱাৰিব।
কোনো ধৰণৰ আতছবাজি ব্যৱহাৰ কৰিব নোৱাৰিব।
আতছবাজিৰ ক্ৰয়-বিক্ৰয়তো নিষেধাজ্ঞা জাৰি কৰা হৈছে।
বিজয় উৎসৱ উৎপাদনতো নিষেধাজ্ঞা।
কোনো ধৰণৰ পাৰ্টি আদি কৰিব নোৱাৰিব।