নিউজ ডেস্কঃ
ভাৰতত দিনে দিনে বৃদ্ধি পায়েই আছে কৰোনা আক্রান্তৰ সংখ্যা। তাৰ মাজতে আইপিএল চলি থাকিলেও, দুশ্চিন্তা বাঢ়িছে টি-২০ বিশ্বকাপক কেন্দ্ৰ কৰি। জানিব পৰা মতে, আইচিচিয়ে সমগ্ৰ বিশ্বৰ ক্রিকেটাৰসকলক লৈ কোনো ধৰণৰ ৰিস্ক ল’বলৈ ৰাজী নহয়। সেয়ে সংযুক্ত আৰব ৰাষ্ট্ৰক বিকল্প হিচাবে সাজু ৰখা হৈছে। উল্লেখ্য, যোৱা বছৰ সফলভাবে আইপিএল আয়োজন কৰিছে আৰব ৰাষ্ট্ৰই। অৱশ্যে এই ক্ষেত্রত আয়োজনৰ স্বত্ব থাকিব ভাৰতৰ হাততেই। অর্থাৎ লাভৰ অংশ পাব বিচিচিআয়েই।
উল্লেখ্য, কিছুদিন পূৰ্বে টি-২০ বিশ্বকাপৰ বাবে ৯টা কেন্দ্রৰ নাম ঘাষণা কৰিছিল বোৰ্ডে। কিন্তু ক্রমাগতভোৱে বৃদ্ধি পাই থকা মৃত্যুৰ ফলত আশঙ্কাৰ সৃষ্টি হৈছে।