নিউজ ডেক্স:
সহজ পৰিস্থিতি বৰ্তমান আমেৰিকাত। নিপিন্ধিলেও হ’ব মাস্ক! আপাতদৃষ্টিতে অন্ততঃ তেনেদৰেই কোৱা হৈছে আমেৰিকা চৰকাৰৰ পক্ষৰপৰা।
সমগ্ৰ পৃথিৱীত বৰ্তমান এটাই কথা- মাস্ক পিন্ধক, ক’ৰ’না ৰোধ কৰক। কিন্তু ইয়াৰ ওলোটা পৰিৱেশ বৰ্তমান আমেৰিকাত। মাস্ক পৰিধান জৰুৰী এই সতর্কবার্তাৰ মাজতেই আমেৰিকাবাসীসকলক এইবাৰ মাস্ক ত্যাগৰ নির্দেশ দিলে সেই দেশৰ স্বাস্থ্যকর্তাসকলে। তেওঁলোকৰ নির্দেশ, ক’ৰ’না টিকাৰ দুটা ডোজ লোৱাৰ পিছত মাস্ক নোহোৱাকৈ বাহিৰলৈ যাব পাৰিব আমেৰিকাবাসী।
ইয়াৰোপৰি টিকাককৰণ নোহোৱা মানুহৰ সৈতেও সামাজিক ব্যৱধান নাৰাখিলেও হ’ব টিকা গ্ৰহণ কৰা মাস্কহীন লোকে। কিন্তু জনসমাগমত এই নির্দেশ বলবৎ নহয়। কোৱা হৈছে, দুইটা টিকাকৰণ নোহোৱা ব্যক্তিসকলেও কিছু কিছু ক্ষেত্রত মাস্ক পৰিধান নকৰাকৈ বাহিৰলৈ যাব পাৰিব।
ক’ৰ’নাত আক্রান্ত হৈ এই পর্যন্ত আমেৰিকাত প্রায় ৬ লাখ লোকৰ মৃত্যু হৈছে। ইয়াৰ পিছতে মঙ্গলবাৰে ৰাতি সেই দেশৰ চেন্টাৰ ফৰ ডিজিজ কন্ট্রোল এণ্ড প্রিভেনচনে এই নতুন নির্দেশিকা জাৰি কৰে। এই নির্দেশিকা অনুসৰি, যিসকলে ক’ৰ’নাৰ কোনো ডোজ লোৱা নাই তেওঁলোকে ৰেষ্টুৰেণ্ট বা ভীৰ থকা ঠাইত এতিয়াও মাস্ক পৰিধান কৰিব লাগিব। কনছার্ট বা খেলাধুলাৰ প্রতিযোগিতাৰ দৰে জনসমাগমত সকলোৱেই মাস্ক পৰিধান কৰিব লাগিব।
প্ৰকৃততে সেই দেশত পুনৰ বিদ্যালয়সমূহ খোলাৰ কথা ভবা হৈছে। হয়তো ব্যৱসায়-বাণিজ্যও স্বাভাৱিক কৰা হ’ব। ক’ৰ’না-আতঙ্কৰ মাজতে আমেৰিকাবাসীৰ দৈনন্দিন জীৱনযাত্রা যাতে অলপ স্বাভাৱিক হয়, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই মাস্ক-হীনতাৰ এই নির্দেশিকা বুলি ধাৰণা কৰা হৈছে। চিডিচি-ৰ এই সিদ্ধান্তক সেয়ে স্বাগতম জনাইছে বহুতে।
চিডিচি-ৰ এই নির্দেশিকাৰ অন্তৰালত অন্য এটা কাৰণো আছে বুলি ধাৰণা কৰিছে বহুলোকে। এই নির্দেশিকাৰ ফলত অধিক লোকে টিকা গ্ৰহণ কৰিবলৈ উৎসাহ পাব।
কিন্তু সেই দেশৰ বয়স্ক লোকসকলৰ ওপৰত এতিয়াও সম্পূৰ্ণ শিথিল হোৱা নাই পূৰ্বৰ নিৰ্দেশনাসমূহ।











