স্বাস্থ্য প্ৰতিবেদন:
কিছুমান মানুহে মুৰ্গীৰ মাংস খাবলৈ ইমান পছন্দ কৰে যেন ইয়াৰ অবিহনে এটা দিনো বাচি থাকিব নোৱাৰে। প্রোটিনৰ ক্ষেত্রত মুৰ্গীৰ মাংস অন্যতম বিকল্প। কিন্তু প্রতিদিনে মুৰ্গীৰ মাংস খোৱাটো সঠিকনে? সম্প্রতি প্রকাশিত কেইবাটাও গৱেষণা অনুসৰি মুৰ্গীৰ মাংস প্রতিদিনে ব্যৱহাৰ কৰাটো স্বাস্থ্যৰ পক্ষে ক্ষতিকাৰক হ’ব পাৰে।
প্রতিদিনে মুৰ্গীৰ মাংস খোৱা মানে প্রচুৰ প্রোটিন গ্রহণ কৰা। ই আপোনাৰ শৰীৰত অতিৰিক্ত প্রোটিন হিচাবে সংৰক্ষণ হৈ গৈ থাকে যিটো ফেট হিচাবে বার্ন নহয়। ইয়াৰ ফলত প্রচুৰ পৰিমাণে ওজন বৃদ্ধিৰ সম্ভাৱনা বাঢ়ি যায়। সেয়ে মুৰ্গীৰ মাংস সীমিত পৰিমাণে খোৱা উচিত।
ব্যৱহাৰ :
মুৰ্গীৰ মাংস ছডিয়াম সমৃদ্ধ।গতিকে ইয়াক সীমিত পৰিমাণে খোৱা উচিত, অন্যথা অতিৰিক্ত পৰিমাণৰ ছডিয়ামে আপোনাৰ ৰক্তচাপৰ স্তৰক প্রভাবিত কৰিব।
হৃদৰোগৰ কাৰণ :
গৱেষণা অনুসৰি, মুৰ্গীৰ মাংস দৈনিক খালে হৃদৰোগৰ সম্ভাৱনা বাঢ়িব পাৰে।
কোষ্ঠকাঠিন্য :
উচ্চ প্রোটিন জাতীয় খাদ্যবোৰত খুব কম পৰিমাণে ফাইবাৰ থাকে যিটো কোষ্ঠকাঠিন্যৰ কাৰণ হ’ব পাৰে। সেয়ে মুৰ্গীৰ মাংসৰ সৈতে ফাইবাৰ সসংযুক্ত কৰাৰ বিষয়টি নিশ্চিত কৰক। যেনে পালেং শাক, গাজৰ, বাদামি চাউল ইত্যাদি খাওক, যিয়ে কোষ্ঠকাঠিন্য হ্রাস কৰে।
কেন্সাৰ :
সাম্প্রতিক এক গৱেষণা অনুসৰি মুৰ্গীৰ মাংস অতিৰিক্ত মাত্রাযত গ্রহণ কৰাটোৱে প্রষ্টেট কেন্সাৰ ইত্যাদিৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।














