ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত নিতৌ বৃদ্ধি পাইছে Covid-19ত আক্ৰান্ত লোকৰ সংখ্যা।যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৩৬৭৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৮৪৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ইয়াৰে ৭৯১ জন লোক কামৰূপ মহানগৰৰ।দেওবাৰে আক্ৰান্তৰ গড় হৈছে ৫.৪৮ শতাংশ।
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৫৫৮ জনকৈ ব্যক্তি। ইফালে, দেওবাৰৰ দিনটোত মৃত্যু হৈছে ১৪ লোকৰ।
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,৩৭৫৩৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ১৫৪৭০গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২,১৯৫১৬ গৰাকী ব্যক্তি।












