স্বাস্থ্য প্ৰতিবেদন:
সমগ্র দেশ ক’ৰোনাৰ গ্রাসত। ৰাজ্যই ৰাজ্যই সংক্রমণৰ বিদ্যুৎ গতি। জ্বৰ, কাহ, শ্বাসকষ্ট, মাংস পেশী ও আৰু গাঁথিৰ বিষ, এইবোৰ ক’ৰোনা ভাইৰাছত আক্রান্ত হোৱাৰ উপসর্গ। এই উপসর্গবোৰ দেখা দিলে সোনকালে ক’ৰোনা পৰীক্ষা কৰাব লাগিব। তাৰ লগতে নিজকে সম্পূর্ণভাবে পৃথক কৰি ৰখাৰ ব্যৱস্থা কৰিব লাগিব। নিজৰ সংস্পর্শলৈ অহা প্রত্যেককে সতর্ক কৰি দিব লাগিব।
ক’ৰোনা আক্রান্ত হ’লে কি কৰিব
১. আৰম্ভণিতেই ‘ছেলফ-আইছ’লেচন’লৈ গুচি যাওক। অর্থাৎ নিজকে পৰিয়ালৰ বাকী সদস্যসকলৰ পৰা সম্পূৰ্ণভাবে পৃথক কৰি পেলাওক। পৰিয়ালৰ সদস্যসকল বা অন্যসকলক সংক্রমিত হোৱাৰ পৰা বচাবলৈ আপোনাৰ এই পদক্ষেপ অত্যন্ত জৰুৰী। পৃথকে এটি ঘৰত থাকক। ঘৰৰ বাহিৰলৈ নাযাব। পৃথক বাথৰুম ব্যৱহাৰ কৰক। খাদ্য আৰু অন্যান্য প্রয়োজনীয় বস্তু আৰু ঔষধ ঘৰৰ দৰ্জাৰ বাহিৰত ৰাখিব দিয়ক পৰিয়ালৰ সদস্যসকলক।
২. প্রয়োজনীয় ঔষধ খোৱাৰ লগতে নিয়মিত গৰম পানী আৰু ভাপ ল’ব পাৰে। চিকিৎসকৰ মতে দিনত চাৰিৰ পৰা ছয়বাৰ গার্গল কৰক। ইয়াৰ উপৰি দিনত কেইবাবাৰো গৰম পানীৰ ভাপ ল’ব পাৰে।
৩. পুষ্টিকৰ খাদ্য খাওক। চিকিৎসকসকলৰ মতে, এই সময়ত ৰোগ প্রতিৰোধ ক্ষমতা কমি যায়। সেয়ে ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হোৱা খাদ্য খাওক। সুফল পাব। প্রোটিন জাতীয় খাদ্য বেছিকৈ খাব লাগিব। ছুপ খাব পাৰে। ভিটামিন চি সমৃদ্ধ খাদ্য খালে শৰীৰ দ্রুতভাবে সুস্থ হ’ব।
৪. ক’ৰোনা আক্রান্ত হোৱাৰ পিছৰ পৰা নিয়মিত যোগাযোগ ৰাখক বিশেষজ্ঞ চিকিৎসকৰ সৈতে। তেওঁৰ পৰামর্শ লওক। প্রয়োজনত ঔষধৰ ড’জ বঢ়াওক বা কমাওক। কিন্তু সকলোৱে চিকিৎসকৰ পৰামর্শ মানি।
৫. শৰীৰত অক্সিজেনৰ মাত্রাৰ দিশত মনোযোগ ৰাখক। ক’ৰোনা আক্রান্ত হ’লে শৰীৰত অক্সিজেনৰ পৰিমাণ উঠা-নমা কৰে। সেই দিশত মনোযোগ দিয়ক। পালছ অক্সিমিটাৰ লগত ৰাখক। নিয়মিত শৰীৰত অক্সিজেনৰ মাত্রা পৰীক্ষা কৰক। সেই সম্পৰ্কে চিকিৎসকৰ সৈতে পৰামর্শ লওক।
আঙুলিৰ মূৰত লগাই শৰীৰত অক্সিজেনৰ মাত্রা জোখা হয়। সাধাৰণতে পালছ অক্সিমিটাৰত ৯৫ৰ পৰা ১০০ শতাংশ অক্সিজেন মাত্রাক স্বাভাবিক হিচাবে ধৰা হয়। অক্সিজেনৰ মাত্রা ৯৫ শতাংশৰ কম হ’লে শৰীৰত অক্সিজেনৰ ঘাটি দেখা দিয়ে। যাৰ ফলত শ্বাসকষ্ট, মূৰৰ বিষ, বুকুৰ বিষ বা হৃৎস্পন্দন বাঢ়ি যাব পাৰে।
এইবোৰ হ’লে ততালিকে চিকিৎসকৰ সৈতে আলোচনা কৰি প্রয়োজনীয় ব্যৱস্থা ল’ব লাগিব। এই ক্ষেত্রত ৰোগীক অক্সিজেন দিব লাগিব। হস্পিটেলত বা ঘৰতেই অক্সিজেন দিয়াৰ ব্যৱস্থা কৰিব লাগিব।













