নিউজ ডেক্স:
প্রয়াত হ’ল সুৰকাৰ শ্রবণ ৰাথোড়। বলিউডৰ বিখ্যাত সুৰীয়া যুটি নাদিম-শ্রবণৰ এটি স্তম্ভ ভাঙি পৰিল। শ্রবণক কাঢ়ি নিলে কাল কৰোনাই। ৬৬ বছৰ বয়সত তেওঁ পত্নী-পুত্রক এৰি ইহ সংসাৰৰ পৰা বিদায় মাগে। এক প্ৰকাৰ ভাঙি পৰিছে সহযোগী নাদিম আখতাৰ চইফি।
কিছু দিন পূৰ্বে কোভিডত আক্রান্ত হৈছিল শ্রবণ। শাৰীৰিক অৱস্থাৰ অৱনতি হোৱাত মুম্বাইৰ এখন ব্যক্তিগত হস্পিটেলত ভর্তি কৰোৱা হৈছিল। চিকিৎসকে জনাইছিল, শৰীৰত একাধিক ৰোগ থকাত তেওঁৰ অৱস্থা সংকটজনক। শেষৰ কেইদিন আইচিইউলৈ স্থানান্তৰ কৰিও শেষ ৰক্ষা কৰিব পৰা নগ’ল। আনহাতে, তেওঁৰ পুত্র সুৰকাৰ সঞ্জীব ৰাথোড় আৰু পত্নীও বৰ্তমান হস্পিটেলত ভর্তি। কৰোনাত আক্রান্ত তেওঁলোকো। পিতৃক অন্তিমবাৰৰ বাবে চোৱাৰ ক্ষমতাও নাই পুত্ৰৰ।
ইফালে শ্রবণৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতেই নাদিমৰ সৈতে যোগাযোগ কৰিছিল মুম্বাইৰ এক সংবাদ সংস্থাই। কান্দোনত ভাঙি পৰে সুৰকাৰগৰাকী। মানি ল’ব নোৱাৰা বুলিও তেওঁ জনায়। নিজকে অসহায় অনুভৱ কৰাৰ কথাও কয়। তেওঁ কয়, ‘‘এনে এক পৰিস্থিতিৰ মাজত সোমাই পৰিছো যে তেওঁৰ পৰিয়ালৰ কাষত গৈ থিয় হ’বও পৰা নাই। মোৰ ভাইক শেষবাৰৰ বাবেও চাব নাপালো। একেলগে ডাঙৰ হৈছিলো আমি। কোনো দিনে যোগাযোগ বিচ্ছিন্ন হোৱা নাই। তেওঁ আৰু নাই।’’
নব্বৈৰ দশকত নাদিম আখতাৰ চইফিৰ সৈতে যুটি বান্ধি কাম কৰিছিল শ্রবণ ৰাথোড়। বলিউডত নাদিম-শ্রবণ নামেৰেই পৰিচিত আছিল তেওঁলোক। ‘চাজন’, ‘সড়ক’, ‘পৰদেশ’, ‘আশিকি’ৰ দৰে ছবিত সঙ্গীত পৰিচালনা কৰিছিল এই দুই সঙ্গীত পৰিচালকে।
কিন্তু সুৰকাৰ যুটিৰ যাত্রাপথ থমকি ৰয় গুলচন কুমাৰৰ মৃত্যুৰ পিছত। ‘টি চিৰিজ’ৰ কর্ণধাৰৰ হত্যাত অন্যতম অভিযুক্ত হিচাবে নাম উঠে নাদিম চইফিৰ। সেই সময়ত গ্ৰেপ্তাৰৰ ভয়ত দেশ এৰি ইংলেণ্ডলৈ পলাই যায় তেওঁ। ৩ বছৰ আগৰ এটি সাক্ষাৎকাৰত তেওঁ সেই প্রসঙ্গত কয়, ‘কেইবাজনো আৰক্ষী বিষয়াই মোৰ বিৰুদ্ধে এই মিছা অভিযোগটো আনিছিল। তেওঁলোকৰ পৰা সততাৰ আশা কৰো এতিয়াও। এইবাৰ মোক তেওঁলোকে নিৰ্দোষী ঘোষণা কৰা উচিত।’’ নাদিমে লগতে জনায়, অন্য কেইবাজনো আৰক্ষী বিষয়াই তেওঁক সহায় কৰাৰ বাবেই লণ্ডনত থাকি উক্ত গোচৰত জয়ী হ’ব পাৰিছিল তেওঁ।
অৱশ্যে শ্রবণ ৰাথোড় গুচি যোৱাত ‘আশিকি’ৰ যুগত ইতি পৰিল চিৰকালৰ বাবে। ইতি পৰিল বলিউডৰ এক অন্যতম সফল সংগীত পৰিচালক যুটিৰ যাত্ৰা।











