নিউজ ডেক্স:
মহাৰাষ্ট্রৰ এখন হস্পিটেলত সংঘটিত হোৱা অগ্নিকাণ্ডত মৃত্যু ঘটিছে আইচিইউত থকা ১৩ জন ৰোগীৰ। মুম্বাইৰ পৰা প্রায় ৭০ কিলোমিটাৰ দূৰৰ ভিৰাৰৰ বিজয় বল্লভ হস্পিটেলত সংঘটিত হৈছে এই ঘটনা।
সংবাদ সংস্থাৰ সূত্র মতে, বৃহস্পতিবাৰে পুৱতি নিশা তিনি বজাত উক্ত হস্পিটেলখনত জুই লাগে। ইনটেনচিভ কেয়াৰ ইউনিটত ছর্ট ছার্কিউটৰ ফলতেই এই জুই লাগে বুলি প্রাথমিক অনুমান।
অগ্নি নিৰ্বাপক বাহিনীয়ে জনোৱা মতে, জুই লগৰ সময়ত আইচিইউত ১৭ জন ৰোগী ভর্তি হৈ আছিল। তাৰে ভিতৰত ১৩ জনৰ মৃত্যু হৈছে। বাকীসকলক অন্য স্থানলৈ আঁতৰাই নিয়া হৈছে। সবিশেষ তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।











