স্বাস্থ্য প্ৰতিবেদন:
সমগ্ৰ বিশ্বক ৰঙা চকু দেখুৱাইছে ক’ৰোনাই। কৰোনাৰ দৰে মাৰণ ভাইৰাছক লেকাম টানিবলৈ বিভিন্ন দেশত নানা সতর্কতা অৱলম্বন কৰা হৈছে। ইতিমধ্যে গুৰুতৰ আশঙ্কাৰ কথা শুনাইছে বিশ্ব স্বাস্থ্য সংস্থাৰ প্রধান টেড্রছ অ্যাধনম গেব্রিয়েছাছে। তেওঁৰ দাবী, বর্তমান যি পৰিস্থিতি চলিছে তাত ইমান সহজতে কৰোনাৰ পৰা মুক্তি নাই বিশ্ববাসীৰ। কিন্তু সঠিক বাধা-নিষেধ পালনৰ জৰিয়তে ক’ৰোনাৰ সংক্ৰমণত লেকাম টনা সম্ভৱ।
সম্প্রতি বিশ্ব স্বাস্থ্য সংস্থাই দাবী কৰিছে, সঠিকভাবে ক’ৰোনাৰ বাধা-নিষেধ মানি চলিলে লেকামহীন ক’ৰোনাক সহজতেই বশ কৰিব পৰা যাব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাই সম্প্রতি ৯টা বিষয়ৰ ওপৰত জোৰ দিছে। যিবোৰ মানি চলিলে কেৱল ক’ৰোনাৰ সংক্রমণত গতিৰোধক সৃষ্টিয়ে নহয়, আপুনি এটা স্বাস্থ্যকৰ জীৱনো লাভ কৰিব।
১. আমি পুষ্টিকৰ খাদ্য খাব লাগিব যাতে আমাৰ শৰীৰে সংক্রমণৰ বিৰুদ্ধে যুঁজি ক’ৰোনাৰ পৰা ৰক্ষা কৰিব পাৰে।
২. এইটো বৰ্তমান এনে এটা সময় য’ত সকলো বয়সৰ লোকেই অলপ বেছি সক্রিয় থাকিব লাগিব, ব্যায়াম কৰিব লাগিব। ছাদত, বাৰান্দাত খোজকাঢ়ক, স্ট্রেচিং কৰক। যাতে ৰক্ত সঞ্চালন আৰু পেশীৰ ক্রিয়াকলাপ সঠিক থাকে।
৩. যোগ্যতা অনুযায়ী টীকাকৰণ কাৰ্যসূচীত অংশগ্রহণ কৰক। ভয় নোখোৱাকৈ টীকা লওক। দৰকাৰ হ’লে চিকিৎসকৰ পৰামর্শ লওক।
৪.ধঁপাত জাতীয় দ্রব্যক দূৰতে বিদূৰ কৰক। ই কেৱল আপোনাকে নহয় আপোনাৰ সমগ্ৰ পৰিয়ালকে ৰক্ষা কৰিব। হাওঁফাওঁৰ কেন্সাৰ, হৃদৰোগৰ দৰে মাৰাত্মক সম্ভাৱনাৰ পৰা আপোনাক ৰক্ষা কৰিব।
৫. মদ্যপানৰ পৰা বিৰত থাকক। মদ্যপান কৰিলে শৰীৰ ডিহাইড্রেটেড হৈ যাব পাৰে। ইয়াৰ উপৰি মদ্যপানৰ কাৰণে ৰোগ প্রতিৰোধ ক্ষমতাও কমি যোৱাৰ সম্ভাৱনা আছে।
৬. মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ বাবে স্ট্রেছক দূৰত ৰাখক। গান শুনক, ব্যায়াম কৰক, নিজৰ পছন্দৰ কাম ঘৰত বহিয়েই কৰক।
৭. চাবোন, এলকহল বেছড ছেনিটাইজাৰেৰে হাত পৰিষ্কাৰ কৰক। অযথা নাক, চকুত হাত নলগাব। হাঁচি বা কাহ আহিলে টিছু পেপাৰ বা ৰুমালেৰে মুখ ঢাকক। একান্ত ৰুমাল নাথাকিলে হাতৰ বাহুৰে নাক-মুখ হেঁচি ধৰক।
৮. নিয়মিত স্বাস্থ্য পৰীক্ষা কৰাওক। বয়স বৃদ্ধিৰ লগে লগে কিছু সমস্যা দেখা যায়। প্রত্যেক ছয় মাস
হত পৰীক্ষা কৰাওক।
৯. শিশুসকলৰ বাবে সকলোতকৈ পুষ্টিকৰ খাদ্য হ’ল মাতৃদুগ্ধ। ই মাতৃ-শিশুৰ বন্ধনক অধিক শক্তিশালী কৰাত সহায় কৰে। মাতৃদুগ্ধ পান কৰালে শিশুসকলৰ ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়ে। শিশুক এলার্জি আৰু একজিমাৰ পৰা ৰক্ষা কৰে।













