স্বাস্থ্য প্ৰতিবেদন:
গ্রীষ্মকালত বজাৰত তৰমুজ প্রচুৰ বিক্ৰী হয়। আহক জানি লওঁ এই ফলবিধৰ পৰা মানৱ দেহৰ কি উপকাৰ হয়।
তৰমুজ পুৰুষৰ শৰীৰত সৃষ্ট সমস্যাবোৰত খুব উপকাৰী। বিশেষকৈ গ্রীষ্মৰ বাবে ই অতি গুৰুত্বপূর্ণ ফল। পুৰুষসকলৰ শাৰীৰিক দক্ষতা বৃদ্ধিত তৰমুজৰ কোনো বিকল্প নাই। পুৰুষসকলৰ ওপৰত কৰা এটি সমীক্ষা অনুসৰি, শৰীৰৰ উপৰত প্রভাব শাৰীৰিক ক্ষমতা বৃদ্ধিৰ ঔষুধৰ কাৰণে হয়, সেয়ে তৰমুজ খোৱাৰ ফলতো ইয়াৰ প্রভাৱ পৰে।
নির্দিষ্ট প্রোটিন :
গৱেষণা অনুসৰি, তৰমুজ গ্রীষ্মত চিট্রুলিন নামৰ উপাদানটিৰ এটি প্রাকৃতিক উৎস। ই এক ধৰণৰ প্রোটিন, যিয়ে পুৰুষসকলৰ শাৰীৰিক ক্ষমতা বঢ়ায়। আমাৰ শৰীৰে এই চিট্রোলিনক অন্য এমিনো এচিড আর্জিনিনলৈ ৰূপান্তৰিত কৰে। এই আর্জিনাইনক পিছত নাইট্রিক অক্সাইডলৈ ৰূপান্তৰিত কৰে যিয়ে আমাৰ দেহৰ ধমনীবোৰ আৰু প্রশস্ত কৰি তোলে আৰু সেইবোৰৰ ৰক্তৰ প্রবাহ আৰু ভাল হয়।
ৰস খোৱাটো অতি উপকাৰী :
তৰমুজত বেছিভাগ অংশতে পানী থাকে আৰু তৰমুজৰ ৰস খালে চিট্রুলিন ভাল হয়। সেয়ে পুৰুষসকলে যদি তেওঁলোকৰ পুৰুষত্ব শক্তিশালী কৰিব বিচাৰে তেতিয়াহ’লে তৰমুজৰ ৰস খাওক। ইয়াৰ উপকাৰিতাই আপোনাক অবাক কৰিব।
প্রোষ্টেট সমস্যাত উপকাৰী :
তৰমুজ খালে পুৰুষৰ প্রোষ্টেট সমস্যাৰ পৰা মুক্তি দিয়ে। তৰমুজত পোৱা চিট্রুলিন আৰু লাইকোপিনে প্রোষ্টেট কেন্সাৰৰ পৰা ৰক্ষা কৰে। ইয়াৰ লগতে তৰমুজত ভিটামিন এ আৰু বিটা কেৰোটিনো পোৱা যায়, যি মানুহৰ ছাল, চকু আৰু দাঁত আৰু আলুৰ স্বাস্থ্যৰ পক্ষে স্বাস্থ্যকৰ।
তৰমুজত প্রচুৰ পটাচিয়াম থাকে যি কিডনিৰ বাবে উপকাৰী আৰু ইয়াৰ সৈতে বহু খনিজ পদাৰ্থও আছে। যাৰ কাৰণে আমাৰ দেহত ৰক্তৰ প্রবাহ স্বাভাবিক থাকে আৰু আমাৰ কিডনিয়েও অধিক ভাল কাম কৰে।














