বিশেষ প্ৰতিবেদন:
ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ কোভিড নিৰাময় কেন্দ্রত আছে ৫০ বছৰীয়া এগৰাকী মহিলা। অক্সিজেনৰ সহায় লৈ আছে তেওঁ। কিন্তু অভিযোগ, এই পৰিস্থিতিতেই তেওঁক ধর্ষণৰ চেষ্টা কৰে কোভিড নিৰাময় কেন্দ্রৰ ৱার্ড বয়ে।
দেওবাৰে মধ্যপ্রদেশৰ গোৱালিয়ৰত ঘটে উক্ত ঘটনাটি। মহিলা ৰোগীক যৌন হাৰাশাস্তিৰ অভিযোগত ৱার্ড বয়টোক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জনাইছে আৰক্ষীৰ এগৰাকী বিষয়াই।
আৰক্ষীক কৰা অভিযোগত তেওঁ জনাইছে যে শনিবাৰে নিশা তেওঁক দুবাৰ হাৰাশাস্তি চলোৱাৰ চেষ্টা কৰে অভিযুক্ত ৱার্ড বয়টোৱে। মহিলাগৰাকীয়ে পৰিয়ালৰ লোকক বিষয়টি জনাওতেই তাৰ পৰা পলাই যায় অভিযুক্ত।
বিষয়টি সন্দৰ্ভত মহিলাগৰাকীৰ পুত্ৰই থানাত এফআইআৰ দাখিল কৰে। তাৰ পিছতেই অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়।










