স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনাযত আক্রান্ত ৰোগীসকলে অধিক পৰিমাণত নিমখ নাখাব, প্রক্রিয়াজাত খাদ্য নাখাব। আলুৰ চিপছো নাখাব, কাৰণ ইয়াত প্রচুৰ পৰিমাণে নিমখ আছে। এইবোৰৰ কাৰণে প্রতিৰোধ ক্ষমতা দুর্বল হ’বলৈ আৰম্ভ কৰে। যাৰ কাৰণে এই ৰোগবিধ পুনৰুদ্ধাৰৰ পৰিবর্তে বাঢ়িব পাৰে।
ৰঙা মাংসতো ছেচুৰেটেড ফেট থাকে সেয়ে ৰঙা মাংস নাখাব। খুব বেছি ভজা বা মচলাদাৰ খাদ্য নাখাব। প্রোটিন, আয়ৰন, ভিটামিন ডি আৰু ভিটামিন বিসহ ক’ৰোনাৰ ৰোগীসকলৰ খাদ্যত প্রতিদিনৰ ডায়েটত ভিজোৱা বাদাম, আখৰোট, খেজুৰ, কাজু কিচমিচ ইত্যাদি অন্তর্ভুক্ত কৰক।
মচুৰ দাইলৰ ভাত, সেউজীয়া শাক-পাচলি, মৌচুমী ফল, চিনাবাদাম, হালধি গাখীৰ, নেমু পানী, নাৰিকলৰ পানী, চাগু, ঘি ইত্যাদি পুষ্টিকৰ বস্তু অন্তর্ভুক্ত কৰক। কিছু পৰিমাণে ব্যায়ামো কৰক যাতে আপোনাৰ স্বাস্থ্য বজায় থাকে।
(দ্রষ্টব্য: কোনো প্রতিকাৰ লোৱাৰ পূৰ্বে সদায় বিশেষজ্ঞ বা চিকিৎসকৰ পৰামর্শ গ্ৰহণ কৰিব।)













