ৰাষ্ট্ৰীয় জনপ্ৰিয় টিভি চেনেল ছনি টিভিৰ দ্বাৰা সম্প্ৰচাৰিত হৈ থকা চুপাৰ ডেন্সাৰ চেপ্তাৰ-৪ত উজ্বলিছে মৰিগাঁৱৰ কণমানি নৃত্য শিল্পী স্পৃহা ঋষি কাশ্যপ (কিকি)। জনপ্ৰিয় ছনি টিভিৰ ৰিয়েলিটি শ্ব’ চুপাৰ ডেন্সাৰ অনুষ্ঠানত স্পৃহাই এই পৰ্যন্ত অডিচনৰ সকলো কেইটা ৰাউণ্ডত অতি চমৎকাৰ কলা কৌশল প্ৰদৰ্শন কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ ৰাষ্ট্ৰীয় পৰ্যায়ত মৰিগাঁৱৰ লগতে অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে। অতি সৰুৰে পৰা নৃত্যৰ প্ৰতি আকৰ্ষিত হোৱা স্পৃহাই মৰিগাঁৱৰ স্বৰগম কালচাৰেল একাডেমিত নৃত্যৰ কলা কৌশলৰ আদি পাঠ গ্ৰহণ কৰি পৰৱতী সময়ত গুৱাহাটীৰ দিলীপ ড্ৰান্স একাডেমিত প্ৰশিক্ষণ গ্ৰহণ কৰি অসম ভিত্তিত কেইবাটাও অনুষ্ঠানত অংশ লৈ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছিল। মৰিগাঁৱৰ গছৰগুৰীত জন্ম গ্ৰহণ কৰা স্পৃহা চহৰখনৰ যুৱ ব্যৱসায়ী জিতু বৰা আৰু লিপিকা বৰাৰ একমাত্ৰ সন্তান।
মৰিগাঁৱৰ এক সাংস্কৃতিক পৰিয়ালত জন্ম গ্ৰহণ কৰা স্পৃহা ঋষি কাশ্যপৰ এই জয়যাত্ৰাই মৰিগাঁৱৰ লগতে সমগ্ৰ অসমবাসীক মুগ্ধ কৰি তুলিছে । মৰিগাঁৱৰ দৰে এক সৰু অঞ্চলৰ পৰা গৈ ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ লগতে ৰাজ্যখনৰ নাম উজ্জ্বলাবলৈ সক্ষম হোৱা স্পৃহা ঋষি কাশ্যপ মৰিগাঁৱৰ সন্ত থেৰেছা স্কুলত অধ্যয়ন কৰিছিল । বৰ্তমানে নৃত্য প্ৰশিক্ষণৰ বাবে মৰিগাঁৱৰ পৰা গৈ গুৱাহাটী আনন্দ একাডেমিত ৪ৰ্থ মানত অধ্যয়নত হৈ আছে। ৮ বছৰীয়া শিশু শিল্পী স্পৃহা ঋষি কাশ্যপ পৰৱৰ্তী ৰাউণ্ডসমূহত সুখ্যাতিৰে সফলতাৰ জখলা বগাই চুড়ান্ত পৰ্যায়লৈ যাতে অতিক্ৰম কৰি বিজয়ৰ মুকুট আজুৰি আনে সেয়া মৰিগাঁওবাসীৰ লগতে সমগ্ৰ অসমবাসীয়ে কামনা কৰিছে।