স্বাস্থ্য প্ৰতিবেদন:
আপুনি যদি কেঁচা জলকীয়া খাই ভালপায় তেনেহ’লে জানক ইয়াৰ উপকাৰিতা :
১. ওজন হ্রাস – কেঁচা জলকীয়াই বিপাক ক্ৰিয়া ৫০ শতাংশ পর্যন্ত বৃদ্ধি কৰিব পাৰে, যাৰ ফলত দ্রুততাৰে চর্বি পোৰা আৰু ওজন কমোৱাত সহায় কৰে। কেঁচা জলকীয়াত কেপছাইচিন নামৰ এবিধ এন্টিঅক্সিডেন্ট আছে যিয়ে দেহৰ উত্তাপ বঢ়ায় আৰু বিপাকৰ হাৰো বৃদ্ধি কৰে।
২. ডাযয়েবেটিছৰ বাবে – কেঁচা জলকীয়াত পোৱা কেপছাইকিনে ডায়েবেটিছ ৰোগীসকলৰ ৰক্তত শর্কৰাৰ মাত্রা বজায় ৰখাত সহায় কৰে। ইয়াৰ বাবে প্রতিদিনে ৩০ গ্রাম কেঁচা জলকীয়া খোৱা প্রয়োজন।
৩. চকুৰ বাবে – নিয়মিত কেঁচা জলকীয়া খালে আপোনাৰ দৃষ্টিশক্তিক উন্নত কৰে।
৪. কেন্সাৰ প্রতিৰোধ কৰে – এই জাতীয় বহু এন্টিঅক্সিডেন্ট কেঁচা জলকীয়াত পোৱা যায় আৰু দেহত থকা ফ্রি ৰেডিকেলবোৰৰ সৈতে যুঁজি কেন্সাৰ নিৰ্মূলত সহায় কৰে।
৫. কোলেষ্টেৰল হ্রাস – কেঁচা জলকীয়াই ৰক্তত কোলেষ্টেৰলৰ মাত্রা হ্রাস কৰাত সহায় কৰে, যাতে ৰক্ত গোট মৰাৰ সম্ভাৱনা নাথাকে আৰু হার্ট এটাকৰ সম্ভাৱনা এৰাই চলিব পাৰে।













