![]()
নিউজ ডেস্কঃ
এইবাৰ অক্সিজেন উৎপাদন হ’ব হস্পিটেলতে। আৰু পিএম কেয়াৰ্ছ পুঁজিৰ ধনেৰেই উৎপাদন হ’ব এই অক্সিজেন। বৃহস্পতিবাৰে কেন্দ্রীয় চৰকাৰে এই কথা ঘোষণা কৰে।
উল্লেখ্য, বহু কোভিড ৰোগীৰ শ্বাসকষ্টৰ সমস্যাই দেখা দিছে। সেইসকল ব্যক্তিক চিকিৎসাৰ বাবে অক্সিজেনৰ আৱশ্যক। তাৰ বাবে নির্দিষ্ট পৰিমাণত অক্সিজেন মজুত ৰাখিবলগা হৈছে। কিন্তু হঠাৎ ৰোগীৰ সংখ্যা ক্রমাগত বৃদ্ধি পাই থকাত মজুত থকা অক্সিজেনৰ ভঁড়ালত আকাল পৰিছে। বিগত কেইাবাটাও দিনত অক্সিজেনৰ অভাৱত বিভিন্ন ৰাজ্যত একাধিক ৰোগীৰ মৃত্যুৰ ঘটনাও পোহৰলৈ আহিছে। উক্ত পৰিস্থিতিত প্রত্যন্ত এলেকাসহ দেশৰ ১০০খন হস্পিটেলত অক্সিজেন উৎপাদনৰ সিদ্ধান্ত লৈছে কেন্দ্রই। আৰু সেয়া উৎপাদনত ব্যৱহাৰ কৰা হ’ব পিএম-কেয়াৰ্ছ পুঁজিৰ টকা।
উল্লেখ্য, বৃহস্পতিবাৰে কোভিড পৰিস্থিতি সন্দৰ্ভত এখন উচ্চপর্যায়ৰ বৈঠক হয় কেন্দ্রৰ। দেশত অক্সিজেন সৰবৰাহ বজায় ৰাখিবলৈ হ্ৰস্বম্যাদী আৰু দীর্ঘম্যাদী পৰিকল্পনা লোৱা হৈছে উক্ত বৈঠকত। কোভিডৰ বৃদ্ধিত এই মুহূর্তত কোনবোৰ ৰাজ্যৰ হস্পিটেলত অক্সিজেনৰ চাহিদা সকলোতকৈ বেছি সেয়াও চিহ্নিত কৰা হৈছে। উক্ত তালিকাত আছে মহাৰাষ্ট্র, মধ্যপ্রদেশ, গুজৰাট, উত্তৰ প্রদেশ, দিল্লী, ছত্তিশগড়, কর্নাটক, কেৰালা, তামিলনাডু, পঞ্জাব, হাৰিয়ানা আৰু ৰাজস্থান।










