স্বাস্থ্য প্ৰতিবেদন:
ৰমজানত সুস্থ থকাটো জৰুৰী। সেয়ে এই সময়ত পৰিমিত খাদ্য গ্রহণ কৰিব লাগে। বহুতেই সমগ্ৰ দিন নোখোৱাকৈ থকাৰ ফলত ইফতাৰৰ পিছত বহু বেছি খাই দিয়ে। যিয়ে আপোনাক দ্রুততাৰে অসুস্থ কৰি পেলাব।সেয়ে ৰমজানত জানি-বুজি খাদ্য গ্রহণ কৰক। ইয়াৰ উপৰতেই আপোনাৰ সুস্থতা নির্ভৰ কৰিব।
সমগ্র দিন ৰোজা ৰখাৰ কাৰণে পানী খোৱাৰ পৰা বিৰত থাকিবলগা হয়। ইয়াৰ বাবে ইফতাৰৰ পৰা চেহৰিৰ আগ পর্যন্ত ঘনে ঘনে পানী খাওক। কিন্তু কেতিয়াও একেলগে বহুত পানী নাখাব।
ফলৰ ৰস আৰু গাখীৰ :
তাজা ফলৰ ৰস বা গাখীৰ খাব পাৰে। তৰমুজ বা মাল্টাৰ দৰে ৰসাল ফল-মূল খাব লাগিব। বেছিকে শাক-পাচলি খাব লাগিব।
চাহ-কফি নাখাব :
ৰমজানত কফি, চাহ আৰু কোমলবপানীয় খালে প্রস্রাব বৃদ্ধি পায়। ইয়াৰ ফলত শৰীৰ দ্রুততাৰে পানীশূন্য হ’ব পাৰে। এই কাৰণে ইফতাৰ বা চেহৰিত চাহ, কফি বা কোমল পানীয় নাখাব।
অস্বাস্থ্যকৰ খাদ্য পৰিহাৰ কৰক :
ৰোজাত সমগ্ৰ দিন নোখোৱাকৈ থকাৰ ফলত মিঠা আৰু ফেটজাতীয় খাদ্যৰ প্রতি আমাৰ আসক্তি বাঢ়ে। সেয়ে ইফতাৰত ভাজা-পোৰা বা গধুৰ খাদ্য এৰাই চলক। বাদাম খোৱাৰ চেষ্টা কৰক। তেল-মচলা যিমান পাৰে এৰাই চলক।
বিশ্রাম আৰু শৰীৰচর্চা:
এদিন ৰোজা ৰখাৰ পিছত আকৌ পিছদিনাৰ বাবে আপোনাৰ শৰীৰ প্রস্তুত কৰিবলৈ প্রয়োজন পর্যাপ্ত বিশ্রাম আৰু ব্যায়াম কৰাটো। ইয়াৰ বাবে শৰীৰক পুষ্টি দিব লাগিব। যাৰ মাধ্যমেৰে শৰীৰে আপোনাক শক্তি দিব। সেয়ে ফল, শাক-পাচলি, মাংস, মাছ আৰু হাঁহ-মুৰগিৰ কণী, গাখীৰ, দৈ বা পনিৰ আৰু স্বাস্থ্যকৰ চর্বিজাতীয় খাদ্য বেছিকৈ খাব লাগিব। খাদ্য খোৱাৰ সময়ত লাহে লাহে সময় লৈ খাব। তেতিয়াহ’লে খাদ্য সোনকালে হজম হ’ব।
ৰোজাত ফাইবাৰযুক্ত খাদ্যৰ বিকল্প নাই। এই সময়ত যদি কম শর্কৰা আৰু ভাল ফেটজাতীয় খাদ্য খায়; তেনেহ’লে শৰীৰে বহু শক্তি পাব। শৰীৰ কেতিয়াও ক্লান্ত নহয়। শৰীৰক সচল ৰাখিবলৈ ৰমজানত নিয়মিত খোজকাঢ়ক।
প্রতিদিন অন্তত ২০-৩০ মিনিট খোজকাঢ়ক বা ব্যায়াম কৰক। লগতে বিশ্রামো ল’ব লাগিব, সেই বুলি সমগ্ৰ দিন শুই-বহি নাথাকিব। ৰমজানৰ সময়ত প্রতিদিনে দুপৰীয়া সময়ত অলপ টোপনি মাৰক।














