স্বাস্থ্য প্ৰতিবেদন:
ক’ৰোনা ভাইৰাছ নিৰাময়ত এই পর্যন্ত কোনো স্থায়ী চিকিৎসা নাই। কিন্তু বিশেষজ্ঞসকলৰ মতে, ব্যক্তিগত সচেতনতাৰ লগতে ক’ৰোনা প্রতিৰোধৰ প্রথম পৰ্যায় হ’ল শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বঢ়োৱা। যাৰ ফলত শ্বাসযন্ত্র আৰু হাওঁফাওঁৰ সংক্রমণৰ পৰা ৰক্ষা পোৱা যায়।
ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ ক’ৰোনাকালত সকলোতকৈ কার্যকৰী ভিটামিন-চি যুক্ত খাদ্য গ্রহণ। পুষ্টি বিজ্ঞানীসকলৰ মতে, আমলখিত মধুৰিআমতকৈও ১০ গুণ বেছি ভিটামিন চি থাকে। নেমুতকৈ ৩ গুণ বেছি ভিটামিন চি থাকে।
ইয়াৰ উপৰি আমলখিত কমলাতকৈ ১৫-২০ গুণ বেছি, আপেলতকৈ ১২০ গুণ বেছি, আমতকৈ ২৪ গুণ আৰু কলতকৈ ৬০ গুণ বেছি ভিটামিন চি থাকে। এজন প্রাপ্তবয়স্কক প্রতিদিনে ৩০ মিলিগ্রাম ভিটামিন চি প্ৰয়োজন। এই পৰিমাণৰ ভিটামিন চি দিনে মাত্র ২টা আমলখি খায়েই পূৰণ কৰা সম্ভৱ।
ক’ৰোনাৰ পৰা বাচিবলৈ নেমু আৰু গৰম পানীৰ বিকল্প নাই। ভিটামিন চিৰ অভাৱ পূৰণত নেমু হ’ল প্রথম আৰু প্রধান উৎস। ই বজাৰত সহজলভ্য। ক’ৰোনাত আক্রান্ত হ’লে আনকি সংক্রমণৰ সম্ভাৱনা এৰাই চলিবলৈ এই সময়ত নেমু খোৱাৰ বিকল্প নাই। পুৱা খালী পেটত নেমু ৰস আৰু কুহুমীয়া পানী খালে ৰোগ প্রতিৰোধ ক্ষমতা বাঢ়িব।
ভিটামিন চি জাতীয় অন্যান্য ফল যেনে- আঙুৰ, মধুৰিআম, আপেল, অমিতা, কল, তৰমুজ এইবোৰো নিয়ম মতে খাব লাগিব। পুৱাৰ নাস্তাত এটি কল আৰু আপেল বা মধুৰিআম খাব পাৰে।
দুপৰীয়া ভাত খোৱাৰ আগতে কেইটুকুৰামান অমিতা বা তৰমুজ খাব পাৰে। আঙুৰ, অমিতা, তৰমুজ, কল টুকুৰা কৰি সামান্য মৌ মিহলাই ফ্রুইট ছালাদ কৰি খালেলে শৰীৰত একেলগে বহুখিনি পুষ্টি পাব। পুৱা বা বিয়লিৰ নাস্তাৰ সময়ত ফ্রুইট ছালাদ খাব পাৰে।













