স্বাস্থ্য প্ৰতিবেদন:
নিৰামিষহাৰীসকলৰ মাজত পনিৰ খুব জনপ্রিয়। পনিৰ বহু স্বাস্থ্য উপকাৰৰ বাবে পৰিচিত। ই পুষ্টিৰে ভৰা আৰু ইয়াত প্রচুৰ পৰিমাণে প্রোটিন আছে। অৱশ্যে পনিৰ খোৱাৰ উপকাৰিতাৰ লগতে কিছু অসুবিধাও আছে, যি সম্পর্কে আপুনি অৱশ্যেই জনা উচিত।
আপুনি যদি উচ্চ ৰক্তচাপ, হৃদৰোগ বা ডায়েবেটিছত ভুগিছে তেতিয়াহ’লে পনিৰ সীমিত পৰিমাণে খোৱা উচিত। পনিৰত প্রচুৰ পৰিমাণে ফেট থাকে, সেয়ে ই শৰীৰত কোলেষ্টেৰলৰ উচ্চ মাত্রাত বৃদ্ধি কৰিব পাৰে।
আপুনি যদি প্রতিদিনে পনিৰ খায় তেতিয়াহ’লে ব্যায়াম গুৰুত্বপূর্ণ। নিয়মিত ব্যায়াম কৰিলে কেলোৰি পোৰাত সহায় কৰিব। সেয়া নহ’লে আপোনাৰ ওজন বাঢ়ি যাব পাৰে।
এলার্জি :
বহু লোকৰ পনিৰৰ পৰা এলার্জি হ’ব পাৰে। তেনে লোকে পনিৰৰ পৰা দূৰৈত থকা উচিত। ইয়াৰ উপৰি নিম্নমানৰ পনিৰ মানুহৰ ছালৰ এলার্জি বিকাশৰ কাৰণ হ’ব পাৰে।
পেটৰ সমস্যা :
যিসকলৰ হজম ব্যৱস্থা দুর্বল উচ্চ কেলোৰিযুক্ত পনিৰে তেওঁলোকৰ পাচনতন্ত্রক প্রভাবিত কৰিব পাৰে। সেয়ে অতিৰিক্ত পনিৰ গ্রহণৰ ফলত তেওঁলোকে পেট ফুলা, গেছ, ডায়েৰিয়া, কোষ্ঠকাঠিন্য, পেটৰ বিষৰ অভিযোগ কৰিব পাৰে।














